মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Fire in OIL Pipe Line : দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানলৈ ভাবুকি, অইল ইণ্ডিয়া লিমিটেডৰ তেল পৰিবাহী পাইপলাইনত ভয়ংকৰ অগ্নিকাণ্ড।

Fire in OIL Pipe Line : দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানলৈ ভাবুকি, অইল ইণ্ডিয়া লিমিটেডৰ তেল পৰিবাহী পাইপলাইনত ভয়ংকৰ অগ্নিকাণ্ড।

News18 Assam | News18-Assam
Updated:August 22, 2021, 1:15 PM IST
Fire in OIL Pipe Line : দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানলৈ ভাবুকি, অইল ইণ্ডিয়া লিমিটেডৰ তেল পৰিবাহী পাইপলাইনত ভয়ংকৰ অগ্নিকাণ্ড।
পাইপলাইনত কৌশলেৰে অতিৰিক্ত ভাল্বভ স্থাপন কৰি কণ্ডেনচেট তেল চুৰি কৰি থকা সময়তেই অগ্নিকাণ্ডটো সংঘটিত হয়  ।

পাইপলাইনত কৌশলেৰে অতিৰিক্ত ভাল্বভ স্থাপন কৰি কণ্ডেনচেট তেল চুৰি কৰি থকা সময়তেই অগ্নিকাণ্ডটো সংঘটিত হয়  ।

  • Share this:
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি যোৱা দুলীয়াজান-ডিগবৈ মূল গড়কাপ্তানি পথৰ দুয়োকাষে অইল ইণ্ডিয়া লিমিটেডৰ পাইপলাইনত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । প্ৰাপ্ত বাতৰিমতে অইল ইণ্ডিয়া লিমিটেডৰ যোৰাজান অ' চি এছৰ লগত সংলগ্ন এডাল তেল পৰিবাহী পাইপলাইনত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ।

অইলৰ এক নিৰ্ভৰযোগ্য সূত্ৰই জানিবলৈ দিয়ামতে এটা তেল চুৰি চক্ৰই উক্ত পাইপলাইনত কৌশলেৰে অতিৰিক্ত ভাল্ভ স্থাপন কৰি কণ্ডেনচেট তেল চুৰি কৰি থকা সময়তেই অগ্নিকাণ্ডটো সংঘটিত হয়। লগে লগে অতি ব্যস্ত দুলীয়াজান-ডিগবৈ সংযোগী মূল পথত অহা-যোৱা কৰা লঘু আৰু গধুৰ যান-বাহনৰ যাত্ৰীসকলৰ মাজত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হয়।

পিচত ঘটনাস্থলীত দুলীয়াজানৰ নগাজানস্থিত অইলৰ নিৰাপত্তাৰক্ষী বাহিনী আৰু অইলৰ  অগ্নিনিৰ্বাপক বাহিনীয়ে চলোৱা অহৰহ চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । ইফালে এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই । ইফালে উক্ত পাইপলাইনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতেই ভয়ংকৰ গতিত কণ্ডেনচেট তেল নিৰ্গমন হোৱাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান খনলৈ ভাবুকি আহিছে। অন্যহাতে এই অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় ৰাষ্ট্ৰীয় উদ্যানখনৰ বহুজোপা মূল্যৱান গছ।

শেহতীয়াকৈ ঘটনাস্থলীত অইলৰ বিভাগীয় বিষয়া-কৰ্মচাৰী উপস্থিত হৈ কণ্ডেনচেট তেল নিৰ্গমন বন্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হ'ব পৰা নাই । যাৰ ফলত পুনৰ ঘটনাস্থলীত অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকাত অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী, অইলৰ নিৰাপত্তাৰক্ষী আৰু আৰক্ষী মোতায়েন কৰিবলগীয়া হৈছে।
Published by: Manjumoni Borah
First published: August 22, 2021, 1:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি