কোনোমতে আজি ৰক্ষা পৰে শৈল চহৰ হাফলং। অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষী কম সময়ৰ ভিতৰত উপস্থিত হোৱাত জুই নিয়ন্ত্ৰণ হয়। ঘটনাটো হাফলং চহৰৰ মাজমজিয়াতে থকা এক্সিছ বেংকত সংঘটিত হয়।
জানিব পৰা মতে বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ পৰা জুইৰ সূত্ৰপাত হয়। ঘটনাটো সন্ধিয়া ৭.৩০ বজাৰ পৰা আঠ বজাৰ ভিতৰত সংঘটিত হয়। লগে লগে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হয়। বেঙ্কৰ ছাটাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি জুই নিয়ন্ত্ৰণ কৰে। যাৰ বাবে হতাহত হোৱাৰ পৰা ৰক্ষা পৰিল বহু লোক।
Published by: Kokil Sarma
FIRST PUBLISHED : March 03, 2023, 22:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।