• Home
  • »
  • News
  • »
  • assam
  • »
  • গহপুৰত দমকলৰ পৰা পানীৰ সলনি ওলাইছে জুই

গহপুৰত দমকলৰ পৰা পানীৰ সলনি ওলাইছে জুই

গহপুৰত পানী খাবলৈ বুলি নতুনকৈ পোতা দমকলৰ পৰা পানীৰ সলনি একেৰাহে গেছৰ লগতে জুই ওলাইছে

গহপুৰত পানী খাবলৈ বুলি নতুনকৈ পোতা দমকলৰ পৰা পানীৰ সলনি একেৰাহে গেছৰ লগতে জুই ওলাইছে

গহপুৰত পানী খাবলৈ বুলি নতুনকৈ পোতা দমকলৰ পৰা পানীৰ সলনি একেৰাহে গেছৰ লগতে জুই ওলাইছে

  • Share this:
দমকলৰ পৰা পানী ওলোৱাটো এতিয়া সামান্য কথা, কিন্তু পানীৰ সলনি জুই ওলোৱা কাণ্ডই বৰ্তমান চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। গহপুৰৰ টিঙালিবড়ীত পানী খাবলৈ বুলি নতুনকৈ পোতা দমকলৰ পৰা পানীৰ সলনি একেৰাহে গেছৰ লগতে জুই ওলাইছে। পুতুল নেওগ নামৰ ব্যক্তি জনে তেওঁৰ ঘৰৰ পিছফালে তিনিদিন পূৰ্বে পানী খাবলৈ এটা দমকল স্থাপন কৰিছিল। কিন্তু আচৰিত কথা যে উক্ত দমকলৰ পাইপেৰে পানীৰ লগতে জুই নিৰ্গম হ’বলৈ ধৰে। বৰ্তমান পানীৰ পৰিৱৰ্তে কেৱল গেছ আৰু জুই নিৰ্গম হোৱা পৰিলক্ষিত হৈছে।

পুতুল নেওগে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অতি সোনকালে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছে। কিয়নো তেওঁৰ পৰিয়ালে প্ৰতিটো দিনেই ভয় আৰু শংকাৰে দিন অতিবাহিত কৰিছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি