News18 AssamNews18 Assam
|
News18-Assam Updated:August 31, 2020, 12:55 PM IST
হাতে হাতে বেনাৰ লৈ সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে থানাৰ সন্মুখত প্ৰতিবাদ।
হাতে হাতে বেনাৰ লৈ সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে থানাৰ সন্মুখত প্ৰতিবাদ।
বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত গোচৰ ৰুজু। বাঘ হাজৰিকা ঐক্য মঞ্চ অসম নামৰ সংগঠনটোৰ ফালৰ পৰা এজাহাৰ দাখিল কৰা হয় বিতৰ্কিত সত্য ৰঞ্জন বৰাৰ বিৰুদ্ধে। সত্যৰঞ্জন বৰাই আজান দিয়া বন্ধ কৰা, হালাল মাংসৰ দোকান বন্ধ কৰাৰ বাবে বিতৰ্কিত মন্তব্য কৰিছিল আৰু তাৰেই প্ৰতিবাদত আজি হাজো আৰক্ষী থানাৰ সন্মুখত সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰাৰ দাবী জনালে সংগঠনটোৱে। হাতে হাতে বেনাৰ লৈ সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে থানাৰ সন্মুখত প্ৰতিবাদ।