• Home
  • »
  • News
  • »
  • assam
  • »
  • হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বৰপেটাত AIUDFৰ এজাহাৰ দাখিল

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বৰপেটাত AIUDFৰ এজাহাৰ দাখিল

ফেচবুকত সাধাৰণ লোকে বিতৰ্কিত পোষ্ট কৰিলে ব্যৱস্থা গ্ৰহণ কৰা আৰক্ষীক মন্ত্ৰীগৰাকীৰ বিৰুদ্ধেও ব্যৱস্থা ল’বলৈ দাবী জনাইছে৷

  • Share this:
শাম কটা নাই AIUDFৰ ‘পাকিস্তান জিন্দাবাদ’ বিতৰ্ক৷ কুম্ভীৰগ্ৰাম বিমানবন্দৰত বদৰুদ্দিন আদমলক আদৰণি জনাবলৈ যোৱা AIUDFৰ কৰ্মীয়ে ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়াৰ অভিযোগ তুলি ৰাজ্যৰ বিত্তমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই ফেচবুকত এটা ভিডিও আপলোড কৰিছিল৷ এই ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি বিতৰ্ক অব্যাহত থকাৰ মাজতেই আজি বৰপেটাত AIUDF নেতা এজনে ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰে৷

AIUDFৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক আশ্ৰাফুল মামুনে আজি AIUDFৰ বৰপেটা জিলা সমিতিৰ একাংশ নেতা–কৰ্মীৰ সৈতে বৰপেটা সদৰ থানাত উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ৷

এজাহাৰত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শান্তিৰ পৰিৱেশ বিঘ্নিত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰি এনে কাৰ্যৰ বিৰুদ্ধে আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে৷ আনহাতে, ফেচবুকত সাধাৰণ লোকে বিতৰ্কিত পোষ্ট কৰিলে ব্যৱস্থা গ্ৰহণ কৰা আৰক্ষীক মন্ত্ৰীগৰাকীৰ বিৰুদ্ধেও ব্যৱস্থা ল’বলৈ দাবী জনাইছে৷
Published by:Sanjay Kumar Das
First published: