NRCৰ প্ৰাক্তন প্ৰকল্প সমন্বয়ক এজুপি বৰুৱাৰ বিৰুদ্ধে গোচৰ, কি কৰিছিল এজুপি বৰুৱাই?

News18 Assam | News18-Assam
Updated:February 13, 2020, 7:26 AM IST
NRCৰ প্ৰাক্তন প্ৰকল্প সমন্বয়ক এজুপি বৰুৱাৰ বিৰুদ্ধে গোচৰ, কি কৰিছিল এজুপি বৰুৱাই?
২০১৯ৰ ১১ নৱেম্বৰত NRCৰ প্ৰকল্প সমন্বয়কৰ দায়িত্বৰ পৰা অব্যাহতি লৈছিল এজুপি বৰুৱাই৷

২০১৯ৰ ১১ নৱেম্বৰত NRCৰ প্ৰকল্প সমন্বয়কৰ দায়িত্বৰ পৰা অব্যাহতি লৈছিল এজুপি বৰুৱাই৷

  • Share this:
NRCৰ প্ৰাক্তন প্ৰকল্প সমন্বয়ক এজুপি বৰুৱাৰ বিৰুদ্ধে গোচৰ তৰিছে NRC কাৰ্যালয়ে৷ NRCৰ পৰিচালন সঞ্চালক চন্দনা মহন্তই মহানগৰীৰ পল্টন বজাৰ আৰক্ষী থানাত তৰিছে এই গোচৰ৷ এজুপি বৰুৱাৰ বিৰুদ্ধে Official Secrets Act 1923ৰ Section 5 ভংগৰ অভিযোগ তুলি বুধবাৰে তৰা হৈছে গোচৰ৷ NRCৰ পৰা অব্যাহতি লোৱাৰ পিছত cpm.nrc.assam@gmail.com আৰু pm.spmunrc@gov.in এই দুটা অফিছিয়েল email IDৰ পাছৱৰ্ড প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷ ২০১৯ৰ ১১ নৱেম্বৰত NRCৰ প্ৰকল্প সমন্বয়কৰ দায়িত্বৰ পৰা অব্যাহতি লৈছিল এজুপি বৰুৱাই৷ অৱশ্যে এতিয়ালৈ পল্টন বজাৰ আৰক্ষীয়ে কৰা গোচৰ পঞ্জীয়ন নাই৷

ইপিনে, News18ৰে হোৱা টেলিফোনিক সাক্ষাৎকাৰত এই অভিযোগ নস্যাৎ কৰিছে NRCৰ প্ৰাক্তন প্ৰকল্প সমন্বয়ক এজুপি বৰুৱাই৷ বৰুৱাই জনোৱা অনুসৰি, কেৱল সুৰক্ষাৰ স্বাৰ্থতেই email যোগে বা আন ব্যক্তিৰ হাতত প্ৰদান কৰা নাছিল Password৷ সমগ্ৰ বিষয়টো গোচৰৰ পৰ্যায় পোৱাৰ বাবে অৱশ্যে ততাতৈয়াকৈ বুধবাৰে emailযোগে প্ৰদান কৰে পাছৱৰ্ড৷



টেলিফোনত জনোৱা অনুসৰি, গুৱাহাটীৰ বাহিৰত থকাৰ বাবে ৩ ফেব্ৰুৱাৰীত Password বিচাৰি NRCৰ পৰিচালন সঞ্চালক চন্দনা মহন্তই প্ৰেৰণ কৰা পত্ৰ ৭ ফেব্ৰুৱাৰীত লাভ কৰিছিল এজুপিয়ে৷ ৮ ফেব্ৰুৱাৰীত পুৱা ৮ বজাত পূৰ্বনিৰ্ধাৰিতভাৱে বিমানযোগে গোৱা ভ্ৰমণলৈ যোৱাৰ বাবে সাক্ষাৎ কৰিব পৰা নাছিল NRCৰ পৰিচালন সঞ্চালক চন্দনা মহন্তক৷ সুৰক্ষাৰ স্বাৰ্থত emailযোগে password প্ৰদানৰ পৰিৱৰ্তে NRCৰ পৰিচালন সঞ্চালক চন্দনা মহন্তক সাক্ষাৎ কৰি password প্ৰদান কৰিম বুলি দিছিল আশ্বাস৷ আনহাতে বৰুৱাই জনোৱা মতে, ২০১৮ বৰ্ষতেই Deactivate হৈছিল pm.spmunrc@gov.in নামৰ email IDটো।
আৰু চাওক
পৰৱৰ্তী বাতৰি