• Home
  • »
  • News
  • »
  • assam
  • »
  • Kaziranga : নিশা কাজিৰঙা উদ্যান ভ্ৰমণক লৈ এজাহাৰ দাখিল মুখ্যমন্ত্ৰী, পৰ্যটন মন্ত্ৰী আৰু সদগুৰুৰ বিৰুদ্ধে

Kaziranga : নিশা কাজিৰঙা উদ্যান ভ্ৰমণক লৈ এজাহাৰ দাখিল মুখ্যমন্ত্ৰী, পৰ্যটন মন্ত্ৰী আৰু সদগুৰুৰ বিৰুদ্ধে

নিশা কাজিৰঙা ভ্ৰমণত ওলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আটাইৰে বিৰুদ্ধে এজাহাৰ দাখিল জীপালৰ

নিশা কাজিৰঙা ভ্ৰমণত ওলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আটাইৰে বিৰুদ্ধে এজাহাৰ দাখিল জীপালৰ

নিশা কাজিৰঙা ভ্ৰমণত ওলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আটাইৰে বিৰুদ্ধে এজাহাৰ দাখিল জীপালৰ

  • Share this:
চিন্তন শিবিৰত অংশগ্ৰহণ কৰাৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু সদগুৰুৱে নিশা কাজিৰঙা ভ্ৰমণত ওলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আটাইৰে বিৰুদ্ধে এজাহাৰ দাখিল কৰে কৃষক সংগঠন জীপালে।

বোকাখাট আৰক্ষী থানাত জীপালৰ নেতা সোণেশ্বৰ নৰহে অভিযোগ দাখিল কৰা বুলি জানিবলৈ দিয়ে সংগঠনটোৱে। সংগঠনটোৱে সদৰী কৰা অনুসৰি বন্যপ্ৰাণী আইন লাইফ প্ৰটেকশ্বন এক্ট ১৯৭২ ভংগ কৰাৰ বাবে সমাজকৰ্মী সোণেশ্বৰ নৰহ আৰু প্ৰবীণ পেগুৱে দাখিল কৰিছে এজাহাৰ। এই আইনে নিশা উদ্যান ভ্ৰমণক বৈধতা নিদিয়ে।

উল্লেখ্য, কাজিৰঙাৰ বৰগছ ৰিজ'ৰ্টত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে চিন্তন শিবিৰ। প্ৰথম দিনৰ কাৰ্যসূচীত উপস্থিত আছিল আধ্যাত্মিক গুৰু সদগুৰু।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি