প্ৰধানমন্ত্ৰীৰ সন্মুখত বিহু বিকৃতকৰণ, আৰক্ষীক অভিযোগ পত্ৰ দাখিল সদৌ অসমীয়া ছাত্ৰ সংস্থাৰ

FIT INDIA MOVEMENTS ৰ অনুষ্ঠানত প্ৰধান মন্ত্ৰীৰ সন্মুখত বিকৃত ৰূপত পৰিবেশন কৰা হৈছিল বিহু

News18-Assam
Updated:September 7, 2019, 5:16 PM IST
প্ৰধানমন্ত্ৰীৰ সন্মুখত বিহু বিকৃতকৰণ, আৰক্ষীক অভিযোগ পত্ৰ দাখিল সদৌ অসমীয়া ছাত্ৰ সংস্থাৰ
FIT INDIA MOVEMENTS ৰ অনুষ্ঠানত প্ৰধান মন্ত্ৰীৰ সন্মুখত বিকৃত ৰূপত পৰিবেশন কৰা হৈছিল বিহু
News18-Assam
Updated: September 7, 2019, 5:16 PM IST
নতুন দিল্লীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হোৱা Fit India Movement ৰ এক অনুষ্ঠান বিহুক বিকৃত ৰূপত উপস্থাপন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল । বিহু নৃত্যৰ সাজ পাৰো বিকৃত কৰি পৰিধান কৰাৰ অভিযোগ উত্থাপিত হৈছিল । আজি নতুন দিল্লীত দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়ত তেনে বিহু নৃত্য পৰিবেশনৰ বিৰুদ্ধে অভিযোগ পত্ৰ দাখিল কৰে দাখিল কৰে সদৌ অসমীয়া ছাত্ৰ সংস্থা, দিল্লীয়ে ।

দিল্লীৰ Zenith নামৰ এটা নৃত্যৰ প্ৰশিক্ষণ দিয়া প্ৰতিষ্ঠানে সেই নৃত্য প্রদর্শনৰ দায়িত্ব লৈছিল । Zenith ৰ বিৰুদ্ধে আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰে ছাত্ৰ সংগঠনটোৱে ।শীঘ্ৰেই Zenith ৰ স্বত্বাধিকাৰীক আৰক্ষীয়ে তলব কৰাৰ কথা।
আৰু চাওক পৰৱৰ্তী বাতৰি