ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিৰ বিৰুদ্ধে আজাৰ আৰক্ষী থানাত এহাজাৰ দাখিল। তালিবানী শাসনৰ বৰ্বৰতাৰ নিৰ্মম ছবি মাজুলীত সংঘটিত হোৱা বুলি কমল কুমাৰ মেধিয়ে নিজৰ ফেচবুক একাউণ্ট পোষ্ট কৰি অসম আৰক্ষীয়ে এই ঘটনা সংঘটিত কৰাৰ ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগত এজাহাৰ দাখিল ভাৰতীয় জনতা যুৱ মৰ্চাৰ।
তালিবানী শাসনৰ বৰ্বৰতাৰ নিৰ্মম ছবি মাজুলীত সংঘটিত হোৱা বুলি কমল কুমাৰ মেধিয়ে নিজৰ ফেচবুক একাউণ্টত পোষ্ট কৰি অসম আৰক্ষীয়ে এই ঘটনা সংঘটিত কৰাৰ ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছে।
দুই সাংবাদিকক আফগানিস্তানত তালিবানৰ সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা অভিযোগত চলোৱা অত্যাচাৰ এখন নিষ্ঠুৰ ছবি ৰাইজৰ দলৰ কলম কুমাৰ মেধিয়ে মাজুলীত অসম আৰক্ষীৰ দ্বাৰা সংঘটিত হোৱা ঘটনা বুলি ফেচবুকত আপলোড কৰাৰ অভিযোগ। ফেচবুকত এই পোষ্ট আপলোড কৰাৰ বাবে ভাৰতীয় জনতা যুৱ মৰ্চা মহানগৰৰ আইন বিভাগৰ পিয়াঞ্চু প্ৰতিম পৰাশৰ আৰু ৰাণী মণ্ডল জনতা যুৱ মৰ্চাৰ সদস্যই আজাৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। ইতিমধ্যেই ফেচবুকৰ পৰা এই পোষ্ট ডিলিট কৰে যদিও এই ঘটনা সন্দৰ্ভত আজাৰ আৰক্ষী থানাত ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধি হাজিৰ হয়। আজাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|