মুখ্যপৃষ্ঠা »খবৰ »অসম »MG NREGA: কাম নকৰাকৈ ৫২ লাখ টকা হৰলুকী! ধুবুৰীত অভিযন্তা–ব্যৱসায়ীৰ নামত এজাহাৰ জিলা পৰিষদৰ বিষয়াৰ

MG NREGA: কাম নকৰাকৈ ৫২ লাখ টকা হৰলুকী! ধুবুৰীত অভিযন্তা–ব্যৱসায়ীৰ নামত এজাহাৰ জিলা পৰিষদৰ বিষয়াৰ

গ্ৰেপ্তাৰ হোৱাৰ ভয়ত তিনি অভিযুক্ত বৰ্তমানে পলাতক বুলি জানিব পৰা গৈছে।

গ্ৰেপ্তাৰ হোৱাৰ ভয়ত তিনি অভিযুক্ত বৰ্তমানে পলাতক বুলি জানিব পৰা গৈছে।

গ্ৰেপ্তাৰ হোৱাৰ ভয়ত তিনি অভিযুক্ত বৰ্তমানে পলাতক বুলি জানিব পৰা গৈছে।

  • Share this:

ধুবুৰীত পঞ্চায়ত আৰু  গ্ৰামোন্নয়ন বিভাগৰ এমজি এনৰেগা আঁচনিত বৃহৎ দুৰ্নীতি। কাম নকৰাকৈ বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ। জিলখনৰ গৌৰীপুৰ (ধৰ্মশালা) উন্নয়ন খণ্ডৰ দুগৰাকী অভিযন্তাকে ধৰি এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰিলে খোদ  ধুবুৰী জিলা পৰিষদৰ কাৰ্যনিৰ্বাহক বিষয়া অনিমেশ তালুকদাৰে।


পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ধুবুৰী জিলাৰ গৌৰীপুৰ উন্নয়ন খণ্ডৰ দুগৰাকীকৈ বিভাগীয় অভিযন্তা আৰু ব্যৱসায়িক প্ৰতিষ্ঠান এটাৰ এজন স্বত্বাধিকাৰীকে ধৰি মুঠ তিনিগৰাকীয়ে মিলি কাম নকৰাকৈ ৫২ লাখ টকাৰ আঁচনিত হৰলুকী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।


জানিব পৰা মতে, বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাস আৰু জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে গৌৰীপুৰ উন্নয়ন খণ্ডত গ্ৰামোন্নয়ন বিভাগৰ এম জি এনৰেগা আঁচনিৰ অধীনৰ এটা ৫২ লাখ ৭২  হাজাৰ টকীয়া কাম সন্দৰ্ভত এক তদন্ত চলাইছিল ধুবুৰী জিলাৰ পৰিষদৰ কাৰ্যনিৰ্বাহক বিষয়া তালুকদাৰে।


মন্ত্ৰীৰ হস্তক্ষেপত ধুবুৰী জিলা উপায়ুক্ত অম্বুনাথন এম পিৰ নিৰ্দেশমৰ্মে চলোৱা সেই তদন্তত উন্নয়ন খণ্ডটোৰ দুগৰাকী অভিযন্তা ক্ৰমে  ছাদ্দাম হুছেইন আৰু আব্দুল্লাহ আল  মাছুদ মোল্লাহকে ধৰি গৌৰীপুৰৰ মধুশৌলমাৰীৰ ‘জাহিদূল এন্টাৰপ্ৰাইজ’’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান এটাৰ স্বত্বাধিকাৰী জনৈক জাহিদুল হক দুৰ্নীতিত লিপ্ত থকা বুলি তথ্য উন্মোচিত হয়।


উক্ত তথ্যৰ ওপৰত  ভিত্তি কৰি শুকুৰবাৰে ধুুবুৰী সদৰ থানাত উক্ত তিনিওগৰাকী ব্যক্তিৰ বিৰুদ্ধে ধুবুৰী জিলা পৰিষদৰ কাৰ্যনিৰ্বাহক বিষয়াই এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত ধুবুৰী সদৰ থানাৰ আৰক্ষীয়ে সদৰ থানাত  ভাৰতীয় দণ্ডবিধিৰ অধীনত  120B/ 406 / 420/468/471 ধাৰাত 1097/21 নম্বৰৰ এক গোচৰ ৰুজু কৰে।


কিন্তু এতিয়ালৈকে অভিযুক্ত তিনিওজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।উল্লেখযোগ্য যে গ্ৰেপ্তাৰ হোৱাৰ ভয়ত তিনি অভিযুক্ত বৰ্তমানে পলাতক বুলি জানিব পৰা গৈছে যদিও আৰক্ষীয়ে তেওঁলোকক সম্ভেদ উলিয়াবলৈ তদন্ত অব্যাহত ৰাখিছে।

শেহতীয়া বাতৰি