আকৌ জে’ল যাব নেকি? অখিল গগৈৰ বিৰুদ্ধে ৰুজু হৈছে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ

অখিল ভাৰত হিন্দু মহাসভা নামৰ সংগঠনটোৱে অখিল গগৈৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ

News18-Assam
Updated:August 10, 2019, 9:41 PM IST
আকৌ জে’ল যাব নেকি? অখিল গগৈৰ বিৰুদ্ধে ৰুজু হৈছে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ
অখিল ভাৰত হিন্দু মহাসভা নামৰ সংগঠনটোৱে অখিল গগৈৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ
News18-Assam
Updated: August 10, 2019, 9:41 PM IST
প্ৰায়বোৰ বিষয়তে মাত মতা কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে হিন্দুত্ববাদী সংগঠন। অখিল ভাৰত হিন্দু মহাসভা নামৰ সংগঠনটোৱে অখিল গগৈৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। মোদী চৰকাৰে ঐতিহাসিক সিদ্ধান্ত লৈ অনুচ্ছেদ ৩৭০ বাতিল কৰা সন্দৰ্ভত অসাংবিধানিক মন্তব্য কৰাৰ লগতে বিচ্ছিন্নতাবাদী শক্তিক উৎসাহ যুগুৱাৰ অভিযোগ তুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীৰ বিৰুদ্ধে তৰিছে গোচৰ। অখিল ভাৰত হিন্দু মহাসভা নামৰ সংগঠনটোৰ সাধাৰণ সম্পাদক মুকুট চন্দ্ৰ ডেকাৰ মতে উচ্চ সদন আৰু নিম্ন সদনে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰাটো অসংবিধানিক। অখিল গগৈয়ে শিৰ ফুলাই ফুলাই অনুচ্ছেদ ৩৭০ সন্দৰ্ভত কৰা মন্তব্যই উৎসাহ যোগাব বিচ্ছিন্নতাবাদীক। সেয়ে কৃষক নেতাগৰাকীৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। সংগঠনটোৰ এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষী থানাত অখিল গগৈৰ বিৰুদ্ধে ১২১/১২৪(এ)/২৯৪(এ) ধাৰাত ৰুজু হৈছে গোচৰ। উল্লেখ্য যে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত ইতিমধ্যে জে’ল খাটি আহিছে কৃষক নেতা অখিল গগৈয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি