ৰাজ্যত যেন অবহেলিত হৈ ৰৈছে প্ৰতিভাসম্পন্ন ক্ৰীড়াবিদ। আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্ল যুঁজাৰুৱে দিন হাজিৰাৰে পেটৰ ভোক নিবাৰণ কৰিবলগীয়া হৈছে। বিশ্ব চেম্পিয়ন মল্ল যুঁজাৰু গ্ৰেট খালিৰ CWEত প্ৰশিক্ষণলৈও ৰাজুৱে আধাতে সামৰিবলগীয়া হ'ল প্ৰশিক্ষণ ।
চিৰাং জিলাৰ ৰাজু গৈহাৰীয়ে পাকিস্তানৰ খেলুৱৈকো পৰাস্ত কৰা বুলি দাবী কৰিছে। কিন্তু আৰ্থিক দৈন্যতাৰ বাবে এতিয়া হাজিৰা কৰিবলগীয়া হৈছে ৰাজুৱে। দেশত ক্ৰীড়া শিতানত ব্যয় হয় বুজন পৰিমাণৰ ধন। কিন্তু প্ৰকৃত ক্ৰীড়াবিদ প্ৰস্তুত কৰাত কিমান দায়বদ্ধ ৰাজ্যৰ ক্ৰীড়া বিভাগ?
চিৰাং জিলাৰ বৰলাও গাঁৱৰ ৰাজু গৈহাৰীৰ মল্ল যুঁজ খেলত আছে এক দীঘলীয়া ইতিহাস । বিজনীৰ বৰলাওঁ গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ৰাজু গৈহাৰীৰ আছিল আকাশ চোৱাৰ মন। মল্লযুঁজৰ জৰিয়তে দেশৰ নিচান উচ্ছ শিখৰত তোলাৰ আছিল দুৰ্বাৰ হাবিয়াস। কিন্তু মনত এবুকু দুখলৈ আধাতে সামৰিলে ৰেষ্টলিঙৰ প্ৰশিক্ষণ । কিয়নো মাহিলী পঁচিশ হাজাৰ টকা মাচুল দিবলৈ ৰাজুৰ নাছিল সামৰ্থ। লক্ষ্যত উপনীত হ'বলৈ ৰাজুৱে বিক্ৰী কৰিছিল খেতিৰ মাটি ।
কিন্তু ৰাজুৱে মানসপঁটত অঁকা ছবিখন যেন ধনৰ অভাবে ধুঁসৰ কৰিলে। এতিয়া উত্তৰ গুৱাহাটী ৰজাদুৱাৰত এইদৰে দিন হাজিৰাৰে জীৱন সংগ্ৰামত ব্ৰতী হৈছে আন্তঃৰাষ্ট্ৰীয় মল্ল যুঁজাৰু ৰাজু গৈহাৰী।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|