মুখ্যপৃষ্ঠা » খবৰ

» অসম

»চৰম আৰ্থিক সংকটত গহপুৰৰ ঐতিহাসিক শ্ৰীশ্ৰী গংগা গোশালা মন্দিৰ। পাঁচ শতাধিক গো-ধন পালনত সমস্যাৰ সন্মুখীন।

চৰম আৰ্থিক সংকটত গহপুৰৰ ঐতিহাসিক শ্ৰীশ্ৰী গংগা গোশালা মন্দিৰ। পাঁচ শতাধিক গো-ধন পালনত সমস্যাৰ সন্মুখীন।

News18 Assam | News18-Assam
Updated:July 7, 2021, 10:13 PM IST
চৰম আৰ্থিক সংকটত গহপুৰৰ ঐতিহাসিক শ্ৰীশ্ৰী গংগা গোশালা মন্দিৰ। পাঁচ শতাধিক গো-ধন পালনত সমস্যাৰ সন্মুখীন।
মন্দিৰ পৰিচালনা সমিতি, ধ্যান ফাউণ্ডেছনে বিষয়টো অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰি আন্তৰিক সহায় বিচাৰিছে।

মন্দিৰ পৰিচালনা সমিতি, ধ্যান ফাউণ্ডেছনে বিষয়টো অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰি আন্তৰিক সহায় বিচাৰিছে।

  • Share this:
গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তবৰ্তী এটা অতি ভিতৰুৱা এলেকা।কাৰিবিল গাঁও পঞ্চায়তৰ এলেকাধীন এই ভিতৰুৱা অঞ্চলটোৰ কাৰিবিল বঙালী নামৰ গাঁওখনত ১৮৮৯ চনত প্ৰতিষ্ঠা হৈছিল শ্ৰীশ্ৰী গংগা গোশালা নামৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ এটি ধৰ্মীয় মন্দিৰৰ। গহপুৰ আৰু বিহালী বিধান সভা সমষ্টিক দ্বিখণ্ডিত কৰি উত্তৰা-দক্ষিণাকৈ বৈ যোৱা বুৰৈ নৈৰ পাৰত প্ৰতিষ্ঠা হোৱা এই শ্ৰীশ্ৰী গংগা গোশালা মন্দিৰটোৰ চৌহদত পৰবৰ্তী সময়ত শিৱ মন্দিৰ, হনুমান মন্দিৰ আৰু লক্ষ্মীনাৰায়ণ মন্দিৰো প্ৰতিষ্ঠা হয়।

১৮৮৯ চনৰ পৰাই গো-পালন আৰু গো-পূজনৰ ওপৰত অধিক গুৰুত্ব দি অহা শ্ৰীশ্ৰী গংগা গো-শালা মন্দিৰত গো-ধনৰ সংখ্যা সীমিত আছিল। কিন্তু অসম চৰকাৰৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিজেপি চৰকাৰৰ দিনত গহপুৰ আৰু বিশ্বনাথত গৰু সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ হোৱা গো-ধনসমূহ শ্ৰীশ্ৰী গংগা গো-শালা মন্দিৰত ৰখাৰ ব্যৱস্থা কৰে।

পিছে কোনো ধৰণৰ সবল আন্তঃগাঠনি নথকা মন্দিৰটোত এনেদৰে শ-শ গো-ধন ৰখাৰ ক্ষেত্ৰত অসুবিধা হোৱাৰ বাবে দিল্লীৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন ধ্যান ফাউণ্ডেছনে ইয়াৰ তদাৰকৰ দায়িত্ব চমজি লয়। সেই অনুসৰি ২০২০ চনৰ জুলাই মাহৰ পৰা মুঠ ২০ গৰাকী কৰ্মচাৰী নিয়োগ কৰি গো-পালন, গো-সংৰক্ষণ আৰু গো-পূজনৰ এক আকৰ্ষণৰ কেন্দ্রবিন্দুত পৰিণত কৰে শ্ৰীশ্ৰী গংগা গোশালা মন্দিৰক। সেই সময়ত গো-ধন সমূহ ৰখাৰ বাবে শ্ৰীশ্ৰী গংগা গোশালা মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি শংকৰলাল আগৰৱালা আৰু সম্পাদক নন্দু আচাৰ্য্যৰ নেতৃত্বত ৰাইজৰ দান-বৰঙণি আৰু অনুদানেৰে তিনিটা বৃহৎ আকাৰৰ গোহালী সাজি দিয়া হয়।

কিন্তু বৰ্তমান গোশালা পৰিচালনা সমিতি ভীষণ আৰ্থিক সংকটত ভুগিছে। ফলত গো-ধনৰ বাবে প্ৰয়োজন হোৱা দানা, ধান খেৰৰ লগতে তাত নিয়োজিত কৰ্মচাৰীৰ দৰমহা আদি প্ৰতিদিনে যোগাৰ কৰাৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হৈছে। সেয়ে মন্দিৰ পৰিচালনা সমিতিৰ লগতে ধ্যান ফাউণ্ডেছনে এই বিষয়টো সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰি আন্তৰিক সহায় বিচাৰিছে। এইক্ষেত্ৰত কোনো সদাশয় লোকে গো-ধন সমূহৰ প্ৰতিপালনৰ বাবে কিবা দান বৰঙণি আগবঢ়ায় বিচাৰিলে অসম গ্ৰামীণ বিকাশ বেঙ্কৰ বৰঙাবাৰী শাখাত থকা শ্ৰীশ্ৰী গংগা গোশালা মন্দিৰৰ ৭০২৮০১০০৬৭২১৮(IFSC PUNB0RRBAGB)এই একাউণ্ট নম্বৰৰ জৰিয়তে দিব পাৰিব বুলি মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি শংকৰলাল আগৰৱালাই জানিবলৈ দিছে।
Published by: Manjumoni Borah
First published: July 7, 2021, 10:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি