মাজুলীত বিভিন্ন সময়ত কাজিৰঙাৰ পৰা ওলায় অহা এশিঙীয়া গঁড় আৰু বন্য হস্তীয়ে সন্ত্ৰাস চলাই আহিছে। খাদ্যৰ সন্ধানতেই হওঁক বা আন বিভিন্ন কাৰণতেই হওক বা কাজিৰঙাৰ পৰা ওলাই মাজুলীৰ আহতগুৰি মৌজাৰ চৰ-চাপৰি হৈ মাজুলীৰ মূল ভূ-খণ্ডত প্ৰৱেশ কৰি প্ৰতিবছৰে নদীকাষৰীয়া অঞ্চল সমূহত উপদ্ৰৱ চলাই আহিছে। বিগত বৰ্ষতো তিনিটাকৈ গড়ে মাজুলীৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। দুটা গঁড় কাজিৰঙালৈ ঘূৰি যায় যদিও এটা গঁড়ে মাজুলীৰ নামনি অংশত দীৰ্ঘদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে আক্ৰমণ কৰিছিল মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চামগুৰি গাঁৱৰ মদন দাস নামৰ লোকজনক।
গঁড়টোৰ আক্ৰমণত মদন দাসৰ মৃত্যু ঘটিছিল আৰু তাৰ পিছতে গঁড়টোক কাজিৰঙা অভিমূখে খেদিবলৈ কাজিৰঙাৰ পৰা আনিবলগীয়া হৈছিল দুটা প্ৰশিক্ষণ প্ৰাপ্ত হাতী। যিহেতু মাজুলীত বনকৰ্মী সীমিত আৰু সীমিত সংখ্যক বনকৰ্মীয়ে মাজুলীৰ বিভিন্ন অঞ্চলত বনৰীয়া জীৱ-জন্তুৰ পৰা সুৰক্ষা দিব লগীয়া হয়।
গঁড়টো প্ৰায় এমাহ পূৰ্বে কাজিৰঙালৈ ঘূৰি যায় যদিও নিঠৰুৱা কৰি যায় মদন দাসৰ পৰিয়ালটোক। গঁড়ৰ আক্ৰমণত মৃত্যু হোৱা মদন দাসৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা এককালীন সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল আৰু আজি মাজুলীৰ বিধায়ক ভূৱন গামে মদন দাসৰ বাসগৃহত উপস্থিত হৈ একলাখ টকাৰ চেক মৃত মদন দাসৰ পৰিবাৰৰ হাতত অৰ্পণ কৰে।
বিধায়কগৰাকীয়ে অঞ্চলবাসীৰ উপস্থিতিত পৰিয়ালটোৰ দুখৰ সমভাগী হোৱাৰ লগতে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ অধীনত এক লাখ টকাৰ চেক প্ৰদান কৰে। বিধায়কগৰাকীক সংগ দিয়ে সন্মিলিত গণশক্তি মাজুলী জিলা সমিতিৰ সভাপতি ৰঞ্জিত দলে, ভাৰতীয় জনতা পাৰ্টি মাজুলী জিলা সমিতিৰ সাধাৰণ সম্পাদক দেৱ মুদৈ, ৰাজ্যিক সদস্য দীপক গোস্বামী, কিশোৰ গাম, নামনি মাজুলী মণ্ডলৰ সভাপতি লক্ষী দাস, জিলা পৰিষদৰ সদস্য ৰাজশেখৰ দলেই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|