உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Nagaon Press Club: নগাঁও প্ৰেছ ক্লাবলৈ বিধায়ক ৰূপক শৰ্মাৰ আৰ্থিক সাহায্য, সাংবাদিকৰ বাবে নিৰ্মাণ কৰা হ'ব অত্যাধুনিক সভাগৃহ

    Nagaon Press Club: নগাঁও প্ৰেছ ক্লাবলৈ বিধায়ক ৰূপক শৰ্মাৰ আৰ্থিক সাহায্য, সাংবাদিকৰ বাবে নিৰ্মাণ কৰা হ'ব অত্যাধুনিক সভাগৃহ

    নগাঁও চহৰৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ অভিলাষী আঁচনি

    নগাঁও চহৰৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ অভিলাষী আঁচনি

    নগাঁও চহৰৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ অভিলাষী আঁচনি

    • Share this:
    "নগাঁও প্ৰেছ ক্লাবৰ সাংবাদিকসকলৰ সুবিধাৰ্থে শীঘ্ৰেই নিৰ্মাণ হ'ব সকলো সুবিধাসম্পন্ন অত্যাধুনিক সভাগৃহ। নগাঁও প্ৰেছ ক্লাবৰ ওপৰ মহলাত সাংবাদিকৰ বাবে নিৰ্মাণ কৰা হ'ব শীত-তাপ নিয়ন্ত্ৰিত কাৰ্যালয়।" - নগাঁও প্ৰেছ ক্লাবলৈ আৰ্থিক অনুদান আগবঢ়াই এই মন্তব্য কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

    বিধায়কগৰাকীয়ে লগতে কয়, "নগাঁও প্ৰেছ ক্লাবৰ সৈতে জন্মলগ্নৰে পৰা জড়িত। নগাঁও প্ৰেছ ক্লাবৰ সৈতে অসমৰ সংবাদ জগতখনৰ এক বিশেষ সম্পৰ্ক আছে। সেয়ে নগাঁও প্ৰেছ ক্লাবৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালত  সকলো প্ৰচেষ্টা হাতত লোৱা হ'ব।"

    সোমবাৰে নিশা নগাঁও প্ৰেছ ক্লাবৰ (Nagaon Press Club) ওপৰমহলাৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। বিধায়কগৰাকীয়ে বৰ্তমান অনুষ্ঠানটিৰ উন্নয়নৰ বাবে বিধায়ক পুঁজিৰ পৰা ৫ লক্ষাধিক টকা অনুদান আগবঢ়ায়। আনহাতে, নগাঁও প্ৰেছ ক্লাবৰ কৰ্মকৰ্তাসকলে বিধায়কগৰাকীৰ এই পদক্ষেপক শলাগ লোৱাৰ লগতে তেওঁক জাপি আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।

    ইপিনে নগাঁও চহৰত বহু উন্নয়নমূলক কাম-কাজৰ বাবে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লোৱা পদক্ষেপৰ কথাও সাংবাদিকসকলক সদৰী কৰে বিধায়ক ৰূপক শৰ্মাই। বিধায়ক ৰূপক শৰ্মাই কয় যে অতি শীঘ্ৰেই নগাঁও চহৰত যান-জঁট নিয়ন্ত্ৰণৰ বাবে সদৰ থানাৰ পৰা মৰিকলং সংযোগী উৰণীয়া সেতু নিৰ্মাণ হ'ব। নগাঁৱত সাঁতোৰবিদসকলৰ বাবে কেইবাকোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব ছুইমিং পুল। শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত নগাঁৱত নিৰ্মাণ হ'ব সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কলা-তীৰ্থ। নগাঁৱৰ ইনড'ৰ ষ্টেডিয়ামৰ সম্প্ৰসাৰণৰ কামো শীঘ্ৰেই আৰম্ভ হ'ব। আনহাতে অতি শীঘ্ৰেই সম্পূৰ্ণ হ'ব পৰ্যটকৰ আকৰ্ষণৰ বাবে চলি থকা মৰিকলং বিলৰ সৌন্দৰ্যবৰ্ধনৰ কাম। লগতে পৰ্যটকৰ বাবে নতুন ৰূপত গঢ় দিয়া হ'ব পক্ষীতীৰ্থ স্বৰূপ নগাঁৱৰ হাঁহিলা বিলক।
    Published by:Gautam Barman
    First published: