কিহৰ বাবে হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনালে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে?

বৃহস্পতিবাৰে এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীলৈ আহিছিল বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন।

News18-Assam
Updated:August 30, 2019, 10:52 AM IST
কিহৰ বাবে হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনালে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে?
বৃহস্পতিবাৰে এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীলৈ আহিছিল বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন।
News18-Assam
Updated: August 30, 2019, 10:52 AM IST
বৃহস্পতিবাৰে এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীলৈ আহিছিল বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন। বিত্ত মন্ত্ৰীগৰাকীক লোকপ্ৰিয় গোপীনাথ আন্তৰ্জাতিক বিমানবন্দৰত উষ্ম আদৰণি জনাইছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্মলা সীতাৰমনক সাক্ষাত কৰাৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে মন্ত্ৰীগৰাকীয়ে।

নিৰ্মলা সীতাৰমনক সাক্ষাৎ কৰাৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে – ‘বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনক সাক্ষাৎ কৰি অতিকৈ আনন্দিত। বিত্ত মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত সীতাৰমনৰ এয়া প্ৰথম অসম ভ্ৰমণ। তেওঁৰ এই ভ্ৰমণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ–পূবক সৰ্বাধিক গুৰুত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি সুনিশ্চিত কৰে।’



হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটৰ উত্তৰ দি নিৰ্মলা সীতাৰমনে লিখিছে – ‘মূল্যবান ইনপুট আৰু বিমানবন্দৰৰ লাউঞ্জত সৌহাৰ্দপূৰ্ণ আলোচনাৰ বাবে ধন্যবাদ হিমন্ত বিশ্ব শৰ্মা। এয়া খুব প্ৰয়োজন। আপুনি পুৱা আৰু এতিয়াও সময় দিয়া বাবে মই কৃতজ্ঞ।’

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি