বৃহস্পতিবাৰে পাহাৰীয়া ডিমা হাছাও জিলাত দুটাকৈ কাৰ্যসূচীত অংশ লৈ দেশৰ বিত্তমন্ত্ৰী নির্মলা সীতাৰমণে। ডিমা হাছাও জিলাৰ লংকুত আৰম্ভ হ'বলগীয়া নামনি কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ভূমিপূজন অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্রীয় মন্ত্ৰীগৰাকী। প্ৰায় ২২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া প্ৰকল্পটোৰ পৰা উৎপাদিত হ'ব ১২০ মেগাৱাট বিদ্যুৎ।
ইফালে জলবিদ্যুৎ প্ৰকল্পথলীৰ গাঁওবাসীক বিনামূলীয়াকৈ বিদ্যুৎ যোগান দিয়া হ'ব বুলি কাৰ্বি আংলং স্বায়িত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জানিবলৈ দিছে।একেদৰে উক্ত প্ৰকল্পত ৮০ শতাংশ ডিমা হাছাও জিলাৰ নিবনুৱাক চাকৰি দিয়া হ'ব আৰু প্ৰকল্পটোৰ পৰা হোৱা লাভৰ ৫ শতাংশ লাভ ডিমা হাছাও জিলাই পাব বুলি ডিমা হাছাও স্বায়িত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাই জানিবলৈ দিছে।
আনহাতে উক্ত প্ৰকল্পৰ পৰা পাহাৰীয়া জিলাখনত বিদ্যুতৰ সমস্যা সমাধান হ'ব বুলি মন্তব্য কৰিছে শক্তিমন্ত্ৰী বিমল বৰাই। লগতে উক্ত প্ৰকল্পটো ৪৮ মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হ'ব আৰু এই প্ৰকল্পটোৰ কাম LNT গ্রুপে কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী বিমল বৰাই। ইফালে মুখ্যমন্ত্ৰীয়েও ৪৮ মাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে। উক্ত প্ৰকল্পৰ পৰা অহা ধনৰ ৫ শতাংশ ডিমা হাছাও জিলাই পাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
অনুষ্ঠানত উপস্থিত থকা কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ভাষণত ডিমা হাছাওবাসীক সুন্দৰ মনৰ অধিকাৰী বুলি মন্তব্য কৰি ডিমা হাছাওবাসীয়ে এই প্ৰকল্পৰ জৰিয়তে দেশৰ অর্থনীতিৰ ক্ষেত্ৰত ৰক্তদান কৰিছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য। লগতে উক্ত প্ৰকল্পৰ ব্যয়ৰ ক্ষেত্ৰত কেন্দ্ৰই ৭৭ শতাংশ আৰু ৰাজ্যই ২৩ শতাংশ ধন ব্যয় কৰিব বুলিও কৰে মন্তব্য। ইয়াৰ উপৰি উত্তৰ–পূৰ্বাঞ্চলক নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে গুৰুত্ব দিয়াৰ কথা উত্থাপন কৰি উক্ত প্ৰকল্পৰ কাম ২০২৪ চনৰ জুন মাহৰ ভিতৰত শেষ কৰিব লাগিব বুলিও কৰে মন্তব্য।
ভূমিপূজন অনুষ্ঠানৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে হাফলং তিনি আলিৰ পৰা নামনি হাফলঙলৈকে অসম মালাৰ অধীনত নিৰ্মাণ হ'বলগীয়া প্ৰায় ৯০ কিলমিটাৰ দুই লেনযুক্ত পথছোৱাৰ আধাৰশিলাও স্থাপন কৰে। উক্ত পথ নিৰ্মাণত প্ৰায় ৯০০ কোটি টকা ব্যয় হ'ব।ভূমিপূজন আৰু পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী বিমল বৰা, দুয়োখন স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসহ অন্যান্য জনপ্ৰতিনিধিয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|