বিত্তমন্ত্ৰী অজন্তা নেওগে আজি দাখিল কৰা ২০২২-২৩ বিত্তীয় বৰ্ষৰ ৰাজ্যৰ বিত্তীয় বাজেটত (Assam Budget )উল্লেখ কৰিছে মাইক্ৰ' ফাইনেন্সক লৈ আগন্তুক দিনত ৰাজ্য চৰকাৰে ল'বলগীয়া তিনিটা পৰ্যায়ৰ কথা।
অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অনুযায়ী প্ৰথম পৰ্যায়ত অসমৰ বাকী থকা ৭খন জিলাত ব'হাগ বিহুৰ পূৰ্বে হিতাধিকাৰীক উদগনিমূলক ভাট্টা প্ৰদান কৰিব।
দ্বিতীয় পৰ্যায়ৰ অধীনত ৮৯ দিনলৈকে ঋণ পৰিশোধ নকৰা হিতাধিকাৰীসকলৰ অতিৰিক্ত ঋণ পৰিশোধ কৰিব। সময়মতে ঋণ পৰিশোধ কৰা এনেধৰণৰ সকলো ঋণ গ্ৰহণকাৰী ব্যক্তিকে উদগণি প্ৰদান কৰিব। ইয়াৰ দ্বাৰা প্ৰায় ৬ লাখ ঋণ গ্ৰহণকাৰী ব্যক্তি উপকৃত হব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
আনহাতে তৃতীয় পৰ্যায়ৰ অধীনত একাউণ্টসমূহ অনা-কাৰ্যকৰী সম্পদ হৈ পৰা হিতাধিকাৰীসকলৰ বকেয়া ঋণ পৰিশোধ কৰা হ'ব। অৰ্থাত যিসকল ব্যক্তি মানসিকভাৱে চাপৰ সন্মুখীন হৈছে আৰু একাউণ্ট Non-Performing Assestsত পৰিণত হৈছে, তেনে ব্যক্তিক তৃতীয় পৰ্যায়ত অন্তৰ্ভুক্ত কৰা হৈছে। এইক্ষেত্ৰত মডেলিটী আৰু মাপকাঠী যুগুত কৰি থকা বুলি বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Published by: Gautam Barman
FIRST PUBLISHED : March 16, 2022, 18:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।