মুখ্যপৃষ্ঠা »খবৰ »অসম »Police Encounter : অৱশেষত কবৰ খান্দি উলিয়ালে মৃতদেহ, পৰিয়ালৰ দাবী- ''এয়া কেনাৰাম নহয় ডিম্বেশ্বৰৰ মৃতদেহ''

Police Encounter : অৱশেষত কবৰ খান্দি উলিয়ালে মৃতদেহ, পৰিয়ালৰ দাবী- ''এয়া কেনাৰাম নহয় ডিম্বেশ্বৰৰ মৃতদেহ''

মৃতদেহৰ গাত থকা কাপোৰো ডিম্বেশ্বৰৰ বুলি দাবী কৰে পৰিয়ালৰ দুই সদস্যই।

মৃতদেহৰ গাত থকা কাপোৰো ডিম্বেশ্বৰৰ বুলি দাবী কৰে পৰিয়ালৰ দুই সদস্যই।

মৃতদেহৰ গাত থকা কাপোৰো ডিম্বেশ্বৰৰ বুলি দাবী কৰে পৰিয়ালৰ দুই সদস্যই।

  • Share this:

অৱশেষত কবৰৰ পৰা খান্দি উলিওৱা হ'ল ৰৌতাৰ এনকাউণ্টাৰত নিহত হোৱা ডকাইতৰ মৃতদেহ৷ মৃতদেহটি দুয়োটা পৰিয়ালৰ উপস্থিতিত কবৰৰ পৰা খান্দি উলিৱাৰ পিছত কফিনত ভৰাই মৰ্গত ৰখা বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷


উল্লেখ্য যে শুকুৰবাৰে এনকাউণ্টাৰত (Assam Police Encounter) নিহত ডকাইতজন আৰক্ষীৰ মতে কেনাৰম বসুমতাৰী আছিল। কিন্তু আন এটা পৰিয়ালে এয়া বাক্সাৰ ডিম্বেশ্বৰ মুছাহাৰী বুলি দাবি কৰে। এনে অৱস্থাত এয়া আচলতে কাৰ মৃতদেহ, তাক নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা আহি পৰে। সেয়ে আৰক্ষীয়ে আজি মাজবাটৰ ৰাজহ চক্ৰ বিষয়া, ওদালগুৰি (Udalguri)ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ উপস্থিতিত কবৰ খান্দি মৃতদেহ উলিয়ায়।


এই মৃতদেহ কাৰ সেই সম্পৰ্কে আনুষ্ঠানিক ঘোষণা এতিয়াও বাকী যদিও ডিম্বেশ্বৰ মুছাহাৰীৰ পুত্ৰ আৰু ককায়েকে সেয়া ডিম্বেশ্বৰ মুছাহাৰীৰ মৃতদেহ বুলি প্ৰকাশ কৰিছে। সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, তেওঁলোক সেয়া ডিম্বেশ্বৰ মুছাহাৰীৰ মৃতদেহ বুলি ১০০ শতাংশই নিশ্চিত। মৃতদেহৰ গাত থকা কাপোৰো ডিম্বেশ্বৰৰ বুলি দাবী কৰে পৰিয়ালৰ দুই সদস্যই।

শেহতীয়া বাতৰি