• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰকাশ পালে ২০২১ৰ চূড়ান্ত ভোটাৰ তালিকা, ভোটাৰ তালিকাত কেনেকৈ চাব আপোনাৰ নাম?

প্ৰকাশ পালে ২০২১ৰ চূড়ান্ত ভোটাৰ তালিকা, ভোটাৰ তালিকাত কেনেকৈ চাব আপোনাৰ নাম?

দুটা ৱেবছাইটৰ যোগেদি চাব পাৰিব আপোনাৰ নাম।

দুটা ৱেবছাইটৰ যোগেদি চাব পাৰিব আপোনাৰ নাম।

দুটা ৱেবছাইটৰ যোগেদি চাব পাৰিব আপোনাৰ নাম।

  • Share this:
প্ৰকাশ পালে ২০২১ বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকা। খচৰা ভোটাৰ তালিকাত ৫,৫২,৯৮৩জন ভোটাৰ বৃদ্ধি পাইছে। ২.৪৬ শতাংশ ভোটাৰ বাঢ়িছে খচৰা তালিকাত। এইবাৰৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট হৈছে ২,২৯,৯২,৫০৫ গৰাকী ভোটাৰৰ নাম।

প্ৰকাশ পোৱা ভোটাৰ তালিকাত মুঠ পুৰুষ ভোটাৰৰ সংখ্যা ১,১৬,৫৬,৯২৬ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ১,১৩,৩৫,৫৭৯ গৰাকী। ১৮ জানুৱাৰীত প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা। 

কেনেকৈ চাব আপোনাৰ নাম :

এই ভোটাৰ তালিকাত আপোনাৰ নাম আছেনে নাই কেনেকৈ চাব? দুটা ৱেবছাইটৰ যোগেদি চাব পাৰিব আপোনাৰ নাম। ৱেবছাইট দুটা হ’ল nvsp.in আৰু electoralsearch.in। আপোনাৰ নাম আৰু ভোট কেন্দ্ৰৰ সবিশেষৰ জৰিয়তে বা ভোটাৰ আই ডিৰ জৰিয়তে চাব পাৰিব নাম।
Published by:Sanjay Kumar Das
First published: