• Home
  • »
  • News
  • »
  • assam
  • »
  • এইবাৰ সুকীয়া হ’ব স্বাধীনতা দিৱসৰ অনুষ্ঠান, সম্পূৰ্ণৰূপে সাজু ৰাজ্য চৰকাৰ

এইবাৰ সুকীয়া হ’ব স্বাধীনতা দিৱসৰ অনুষ্ঠান, সম্পূৰ্ণৰূপে সাজু ৰাজ্য চৰকাৰ

বৃহস্পতিবাৰে জজ খেলপথাৰত সম্পন্ন হয় চূড়ান্ত অনুশীলন৷ চূড়ান্ত অনুশীলনৰ লগতে সামগ্ৰিক প্ৰস্তুতিৰ পৰ্যবেক্ষণ কৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই৷

বৃহস্পতিবাৰে জজ খেলপথাৰত সম্পন্ন হয় চূড়ান্ত অনুশীলন৷ চূড়ান্ত অনুশীলনৰ লগতে সামগ্ৰিক প্ৰস্তুতিৰ পৰ্যবেক্ষণ কৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই৷

বৃহস্পতিবাৰে জজ খেলপথাৰত সম্পন্ন হয় চূড়ান্ত অনুশীলন৷ চূড়ান্ত অনুশীলনৰ লগতে সামগ্ৰিক প্ৰস্তুতিৰ পৰ্যবেক্ষণ কৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই৷

  • Share this:
২০০৫ চনৰ পিছত এইবাৰ পুনৰ জজ খেলপথাৰত আয়োজন কৰা হৈছে স্বাধীনতা দিৱসৰ৷ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পন্ন কৰিছে ৰাজ্য চৰকাৰে৷ কোভিড কেন্দ্ৰ স্থাপন কৰাৰ বাবে খানাপাৰাত এইবাৰ অনুষ্ঠিত কৰিব পৰা নগ'ল স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী৷ সেয়ে ৰাজ্য চৰকাৰে জজ খেলপথাৰত আয়োজন কৰিছে স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী৷

বৃহস্পতিবাৰে জজ খেলপথাৰত সম্পন্ন হয় চূড়ান্ত অনুশীলন৷ চূড়ান্ত অনুশীলনৰ লগতে সামগ্ৰিক প্ৰস্তুতিৰ পৰ্যবেক্ষণ কৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই৷ এইবাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী বহু সুকীয়া৷ কোভিডৰ বাবে নহ'ব কোনো সাংস্কৃতিক অনুষ্ঠান৷ পেৰেডত অংশগ্ৰহণ নকৰে কোনো বিদ্যালয়-মহাবিদ্যালয়, NCC বা স্কাউট গাইডৰ কেডেটে৷ এইবাৰ পেৰেডত থাকিব অকল আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু গৃহৰক্ষীৰ লোক৷

কোভিড–১৯ৰ সংক্ৰমণৰ বাবে চৰকাৰে বান্ধি দিছে বহুকেইটা নীতি–নিয়ম৷ নতুন নিয়ম অনুসৰি, পেৰেডত অংশগ্ৰহণ কৰা প্ৰত্যেকগৰাকী লোকৰে কৰিব লাগিব কোভিডৰ ৰেপিড পৰীক্ষা৷ স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু গৃহৰক্ষী বাহিনীৰ সকলো বিষয়া–জোৱানৰ কৰা হ’ল কোভিড ৰেপিড টেষ্ট৷ প্ৰায় ২০০ আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু গৃহৰক্ষী জোৱানৰ ভিতৰত ১৫গৰাকী বিষয়া জোৱানৰ দেহত পোৱা গ’ল কোভিড–১৯ ভাইৰাছ৷ আনহাতে সাধাৰণ লোক আহিব পাৰিব স্বাধীনতা দিৱস উদযাপন কৰাৰ বাবে কিন্তু সকলোৱে মানি চলিব লাগিব নিয়ম৷

আনহাতে, নিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্ৰটো কৰা হৈছে বিশেষ ব্যৱস্থা৷ সেনা, অৰ্ধসামৰিক বাহিনী আৰু অসম আৰক্ষীৰ স্নিফাৰ ডগে সমগ্ৰ খেলপথাৰ খনত তন্ন তন্নকৈ পৰীক্ষা কৰে৷ আনহাতে, গুৱাহাটীৰ সন্দেহজনক স্থানত অব্যাহত আৰক্ষীয়ে চলাইছে অভিযান৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি