NRC প্ৰকাশৰ বাবে সাজু কৰ্তৃপক্ষ, নাম নাহিলে শংকিত হোৱাৰ কাৰণ নাই

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে NRCত নাম নহা মানেই বিদেশী নহয়।

News18-Assam
Updated:August 31, 2019, 7:32 AM IST
NRC প্ৰকাশৰ বাবে সাজু কৰ্তৃপক্ষ, নাম নাহিলে শংকিত হোৱাৰ কাৰণ নাই
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে NRCত নাম নহা মানেই বিদেশী নহয়।
News18-Assam
Updated: August 31, 2019, 7:32 AM IST
আজি প্ৰকাশ পাব বহু প্ৰতীক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। NRCৰ প্ৰকাশক লৈ ৰাজ্যজুৰি তীব্ৰ উৎকণ্ঠা। কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে উদ্ভৱ নহয় তাৰ বাবে ৰাজ্যজুৰি আৰক্ষী–প্ৰশাসনে গ্ৰহণ কৰিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। NRCক লৈ শংকিত নহ’বলৈ চৰকাৰ তথা NRC কৰ্তৃপক্ষই অসমবাসীক আহ্বান জনাইছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে NRCত নাম নহা মানেই বিদেশী নহয়। যিসকল লোকৰ নাম চূড়ান্ত NRCত নাহে তেওঁলোকেও চিন্তা কৰাৰ প্ৰয়োজন নাই। নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকলে পুনৰ বিদেশী ন্যায়াধিকৰণত আবেদন কৰাৰ সুযোগ পাব।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৈছিল যে ফৰেইনাৰ্ছ এক্ট ১৯৪৬ আৰু ফৰেইনাৰ্ছ (ট্ৰিবিউনেল্ছ) অৰ্ডাৰ ১৯৬৪ অনুসৰি কেৱল বিদেশী ন্যায়াধীকৰণেহে এজন ব্যক্তি বিদেশী হয়নে নহয়, সেই কথা ঘোষণা কৰিব পাৰে। অৰ্থাৎ NRCৰ পৰা বাদ পৰা মানেই ব্যক্তিজন ঘোষিত বিদেশী হৈ নাযায়।

NRCত নাম বাদ পৰা প্ৰতিজন লোকেই বিদেশী ন্যায়াধিকৰণত আবেদন কৰাৰ সুযোগ পাব। NRCৰ পৰা বাদ পৰা সকলো লোকে নিৰ্ধাৰিত সময়সীমা অৰ্থাৎ ৬০ দিনৰ ভিতৰত ন্যায়াধীকৰণত আবেদন কৰিবলৈ সক্ষম নহ’বও পাৰে, সেইবাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আবেদনৰ সময়সীমা ৬০ দিনৰ পৰা ১২০ দিনলৈ বৃদ্ধি কৰিছে।

যিসকলৰ নাম বাদ পৰিব সেইসকলক আইনগত সহায় আগবঢ়াবলৈ ৰাজ্য চৰকাৰে ল’ব সকলো ব্যৱস্থা। জিলা আইন সেৱা প্ৰাধিকৰণৰ জৰিয়তে সেই লোকসকলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। এইক্ষেত্ৰত ৰাজ্য চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ ন্যায়াধিকৰণ ঠায়ে ঠায়ে স্থাপন কৰিব।

NRC সম্পৰ্কীয় যিকোনো সহায়ৰ বাবে NRC কৰ্তৃপক্ষই ২৪ ঘণ্টাই সক্ৰিয় হৈ থকাকৈ মুকলি কৰিছে বিনামূলীয়া হেল্পলাইন নম্বৰ। অসমৰ বাবে 15107 আৰু অসমৰ বাহিৰৰ বাবে 18003453762 হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি