আজি প্ৰকাশ পাব অসমীয়া খিলঞ্জীয়াৰ ৰক্ষাকৱচ বুলি অভিহিত কৰা বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। NRC প্ৰকাশক লৈ ৰাজ্যৰ চৌদিশে উৎকণ্ঠা। পুৱা ১০ বজাত প্ৰকাশ কৰা হ’ব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে আৰক্ষী–প্ৰশাসনে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। কোনোৱে যদি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে বা সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰে তেন্তে তেনে লোকক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।
NRC ৰ চূড়ান্ত খচৰাত অন্তৰ্ভূক্ত হৈছিল ৩.২৯ কোটি লোকৰ নাম। সেইদৰে বাদ পৰিছিল ৪০,০৭,৭০৭ লোকৰ নাম।
জনসাধাৰণে চূডান্ত NRC ত নিজৰ নাম চাব পাৰিব, যদিহে
১. চূড়ান্ত খচৰাত নাম সন্নিৱিষ্ট নোহোৱা সকলে পুনৰ আৱেদন কৰিছিল।২. নাম অন্তৰ্ভুক্তি নোহোৱাত অভিযোগ দাখিল কৰা হৈছিল।৩. যোৱা ৫ জুলাই ২০১৯ ৰ পৰা নাম অন্তৰ্ভুক্ত নোহোৱা সকলক শুনানিৰ বাবে মতা হৈছিল।যিসকলৰ নাম চূড়ান্ত NRC ত সন্নিৱিষ্ট আছে আৰু তেওঁলোকে আৱেদন পত্ৰৰ স্থিতি পৰীক্ষা কৰিব নোৱাৰিব, যদিহে
১. চূড়ান্ত খচৰাত নাম সন্নিৱিষ্ট আছিল২. কোনোধৰণৰ শুনানিৰ কাৰণে মতা হোৱা নাছিল।চূড়ান্ত তালিকাত কিদৰে চাব নাম :OFFLINE-
১. যিসকলে NRC ত নিজৰ নাম অফ লাইনত চাব বিচাৰে, তেওঁলোকে NRC ৰ সেৱা কেন্দ্ৰ অথবা চক্ৰ বিষয়াৰ কাৰ্যালয় অথবা জিলা উপায়ুক্ত কাৰ্যালয়ত চাব পাৰিব। পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈকে চাব পাৰিব নিজৰ নাম।
ONLINE১.
www.nrcassam.nic.in বা
www.assam.mygov.in ৱেৱচাইটত লগ ইন কৰক।
২. "Supplementary Inclusions/Exclusions Lists (Final NRC) status"– এই লিংকটো ক্লিক কৰক।
৩. ARN নম্বৰ টাইপ কৰি নিজৰ নাম চূড়ান্ত তালিকাত আছে নে নাই চাব পাৰিব।
অহা ৭ ছেপ্তেম্বৰৰ পিছত সকলো NRC আৱেদনকাৰীৰ স্থিতি অনলাইনত উপলব্ধ হ’ব।
ইতিমধ্যে NRC প্ৰকাশৰ পূৰ্বে ৰাজ্য চৰকাৰে তালিকাত অন্তৰ্ভুক্ত নোহোৱা সকলৰ বাবে বিনামূলীয়া আইনী সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। উল্লেখ্য যে , NRCত নাম অন্তৰ্ভুক্ত নহ’লেও প্ৰকৃত ভাৰতীয়ই চিন্তা কৰাৰ কোনো কাৰণ নাই বুলি ইতিমধ্যেই আশ্বাস দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|