চূড়ান্ত NRCত নাম বাদ পৰা ১৯ লাখ লোকৰ কি হ’ব?

News18-Assam
Updated:August 31, 2019, 11:26 AM IST
চূড়ান্ত NRCত নাম বাদ পৰা ১৯ লাখ লোকৰ কি হ’ব?
যিসকলৰ নাম বাদ পৰিছে সেইসকলক আইনগত সহায় আগবঢ়াবলৈ ৰাজ্য চৰকাৰে ল’ব সকলো ব্যৱস্থা।

যিসকলৰ নাম বাদ পৰিছে সেইসকলক আইনগত সহায় আগবঢ়াবলৈ ৰাজ্য চৰকাৰে ল’ব সকলো ব্যৱস্থা।

  • Share this:
বহু প্ৰতীক্ষাৰ অন্ত পেলাই প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। ১০ বজাত NRC কৰ্তৃপক্ষই প্ৰকাশ কৰিলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। চূড়ান্ত NRCত অন্তৰ্ভুক্ত হ’ল ৩,১১,২১,০০৪ জন লোকৰ নাম। তাৰ বিপৰীতে বাদ পৰিল ১৯,০৬,৬৫৭জন লোক। মুঠ আবেদনকাৰী আছিল ৩,৩০,২৭,৬৬১ জন।

চূড়ান্ত NRCত নাম নহাসকলৰ চিন্তাৰ কোনো কাৰণ নাই। কিয়নো নাম নাহিলেই বিদেশী ঘোষণা কৰা নহয় এই লোকসকলক। নাগৰিকত্ব প্ৰমাণ কৰিবলৈ সময় দিয়া হ’ব এই লোকসকলক।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে NRCত নাম নহা মানেই বিদেশী নহয়। নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকলে পুনৰ বিদেশী ন্যায়াধিকৰণত আবেদন কৰাৰ সুযোগ পাব। অমিত শ্বাহে কৈছিল যে ফৰেইনাৰ্ছ এক্ট ১৯৪৬ আৰু ফৰেইনাৰ্ছ (ট্ৰিবিউনেল্ছ) অৰ্ডাৰ ১৯৬৪ অনুসৰি কেৱল বিদেশী ন্যায়াধীকৰণেহে এজন ব্যক্তি বিদেশী হয়নে নহয়, সেই কথা ঘোষণা কৰিব পাৰে।

NRCত নাম বাদ পৰা প্ৰতিজন লোকেই বিদেশী ন্যায়াধিকৰণত আবেদন কৰাৰ সুযোগ পাব। NRCৰ পৰা বাদ পৰা সকলো লোকে আবেদনৰ বাবে ১২০ দিনৰ সময় পাব।

যিসকলৰ নাম বাদ পৰিছে সেইসকলক আইনগত সহায় আগবঢ়াবলৈ ৰাজ্য চৰকাৰে ল’ব সকলো ব্যৱস্থা। জিলা আইন সেৱা প্ৰাধিকৰণৰ জৰিয়তে সেই লোকসকলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে।

NRC সম্পৰ্কীয় যিকোনো সহায়ৰ বাবে NRC কৰ্তৃপক্ষই ২৪ ঘণ্টাই সক্ৰিয় হৈ থকাকৈ মুকলি কৰিছে বিনামূলীয়া হেল্পলাইন নম্বৰ। অসমৰ বাবে 15107 আৰু অসমৰ বাহিৰৰ বাবে 18003453762 হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: August 31, 2019, 11:12 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading