নগাঁও জিলাৰ কামপুৰ কচুৱাৰ বিৰিঙাআটী এল পি স্কুলৰ ক'ভিড ভেকচিন কেন্দ্ৰত উত্তেজনাময় পৰিস্থিতি সৃষ্টি হোৱা দেখা গৈছে। পুৱাৰে পৰা ভেকচিন কেন্দ্ৰটোত ভেকচিন ল'বলৈ ৰাইজৰ ভিৰ হৈছিল। কুপন বিতৰণত খেলিমেলি কৰাক লৈ হোৱা মাৰপিটত তিনিজন লোক আহত ৷
ভেকচিন কেন্দ্ৰটোত নিয়োজিত স্বাস্থ্য কৰ্মীয়ে জানিবলৈ দিয়া মতে, সোমবাৰে ৩০০ ব্যক্তিৰ বাবে ভেকচিন আহিছিল যদিও ভেকচিন ল'বলৈ মানুহ গোট খাইছিল ৫০০ জন । স্বাস্থ্য কৰ্মীগৰাকীৰ স্বামীয়ে ভেকচিনৰ কুপন ৰাইজৰ মাজত বিতৰণ কৰিছিল। সকলোকে কুপন দিব নোৱাৰাৰ বাবেই ভেকচিন ল'বলৈ অহা একাংশ ব্যক্তিয়ে স্বাস্থ্যকৰ্মীগৰাকীৰ স্বামীৰ লগতে আৰু দুজন ব্যক্তিক প্ৰহাৰ কৰাৰ অভিযোগ তুলিছে স্বাস্থ্যকৰ্মীগৰাকীয়ে।
উল্লেখ্য যে ভেকচিন কুপনৰ খেলিমেলিক লৈ হোৱা উত্তেজনামূলক পৰিৱেশৰ ফলত তিনিজন লোক আঘাতপ্ৰাপ্ত হৈ কচুৱাৰ মডেল হাস্পতালত চিকিৎসাধীন হ'ব লগা হৈছে । আনহাতে ধন লৈ কুপন প্ৰদানৰ গুৰুতৰ অভিযোগ তুলিছে স্বাস্থ্যকৰ্মীগৰাকীৰ স্বামী প্ৰাঞ্জল প্ৰতীম ডেকাৰ বিৰুদ্ধে ৷ সমগ্র ঘটনা সন্দৰ্ভত কেন্দ্ৰটোৰ স্বাস্থ্যকৰ্মীয়ে কচুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে কচুৱা আৰক্ষীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|