সন্ধিয়া তেতিয়া প্ৰায় ৮:৩০ বাজিছিল ৷ হাতে হাতে অত্যাধুনিক মাৰণাস্ত্ৰ লৈ এটা বৃহৎ গোটে পদব্ৰজে আগবাঢ়িছিল ৷ চৌপাশ নিজান ৷ কোনো কাকো দেখা নোপোৱা ঘিটমিটীয়া এন্ধাৰ ৷ আনটো দিশৰ পৰা আগবাঢ়িছিল আন এটা সশস্ত্ৰ আৰক্ষীৰ দল ৷ দুয়োটা সশস্ত্ৰ দল হঠাৎ মুখামুখি হ'ল ৷ অকস্মাৎ হোৱা মুখামুখিত উভয় গোটেই বিপাঙত পৰিল ৷ কি কৰিব এতিয়া?
ঘটনাৰ স্থান- মেঘালয়ৰ গাৰো পাহাৰ ৷ দক্ষিণ গাৰো পাহাৰৰ বাংলাদেশ সীমান্তৱৰ্তী বলবকগ্ৰা বস্তিত এই ঘটনাটো সংঘটিত হয় ১১ মাৰ্চৰ সন্ধিয়া ৷ প্ৰথম যিটো সশস্ত্ৰ দলৰ কথা কোৱা হৈছে, সেই দলটোৱেই হ'ল আলফা(স্বাধীন)ৰ দল ৷ লগত গাৰো সশস্ত্ৰ বিদ্ৰোহী সংগঠন GNLAৰ কেইজনমান সদস্য ৷ নেতৃত্বত আলফা (স্বাধীন)ৰ উপ-সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভা ৷ দৃষ্টি ৰাজখোৱাৰ দলটোৰ সন্মুখত সেইদিনটোৰ সন্ধিয়া মুখামুখি হৈছিল মেঘালয়ৰ SF-10 কামাণ্ডোছ আৰু দক্ষিণ গাৰো পাহাৰ আৰক্ষীৰ যুটীয়া অভিযানকাৰী দল ৷
বলবকগ্ৰা বস্তি , দুৰ্গম পাহাৰীয়া অঞ্চল ৷ গোৱালপাৰাৰ দুধনৈৰ পৰা গাড়ীৰে সেই অঞ্চললৈ ৰংজেঙ হৈ গ'লে সময় ল'ব প্ৰায় ছয় ঘণ্টা ৷ দুধনৈৰ পৰা কৃষ্ণাই হৈ তুৰা হৈ গ'লে সময় লাগিব প্ৰায় চাৰে সাত ঘণ্টা ৷ ইপিনে বাংলাদেশৰ সাত ছহীদ মছজিদলৈ লাগিব গাড়ীৰে প্ৰায় ৪৫ মিনিট ৷ গণেশ্বৰী নদীৰ এই উপত্যকা অঞ্চল অতি দুৰ্গম ৷ নদীৰ পাৰে সঘনে আহ-যাহ কৰে আলফা (স্বাধীন) আৰু GNLAৰ দলে ৷
এই অঞ্চলতে এঘাৰ মাৰ্চৰ সন্ধিয়া হোৱা মুখামুখিত থৰকাছুটি হেৰুৱাই উভয় পক্ষই ৷ মেঘালয় আৰক্ষীয়ে সদৰি কৰা মতে, উভয় গোটৰ মাজত প্ৰায় ত্ৰিশ মিনিট গুলীয়াগুলী হয় ৷ গুলীয়াগুলীৰ মাজতে আন্ধাৰৰ সুযোগ লৈ বাংলাদেশৰ দিশে আঁতৰি যায় দৃষ্টি ৰাজখোৱাৰ গোটটো ৷ পিছত মেঘালয় আৰক্ষীয়ে এটা AK-81 ৰাইফল, দুটা হস্তনিৰ্মিত বন্দুক, তিনিটা পিষ্টল আৰু কেতবোৰ সামগ্ৰী উদ্ধাৰ কৰে ৷
আন এক সুত্ৰই News18ক সদৰি কৰা মতে, দৃষ্টি ৰাজখোৱাৰ দলটো দুটা গোটত সেইদিনা আহি আছিল পাহাৰীয়া লুংলুঙীয়া পথেৰে ৷ ৰাজখোৱাৰ আগত যোৱা গোটটোৰ সৈতে সেইদিনা হৈছিল মেঘালয় আৰক্ষীৰ মুখা-মুখি আৰু গুলীয়াগুলী ৷ ঘটনাৰ সময়ত কিছু নিলগত অৱস্থান গ্ৰহণ কৰিছিল আলফা (স্বাধীন)ৰ উপ-মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাই ৷