মুখ্যপৃষ্ঠা » খবৰ

» অসম

»যোৰহাট নগৰৰ সন্দেহজনক ড্ৰাগছৰ ঘাটিত প্ৰচণ্ড মাৰপিট, নিয়োগ কৰিব লগা হ'ল অৰ্ধসামৰিক বাহিনী

যোৰহাট নগৰৰ সন্দেহজনক ড্ৰাগছৰ ঘাটিত প্ৰচণ্ড মাৰপিট, নিয়োগ কৰিব লগা হ'ল অৰ্ধসামৰিক বাহিনী

News18 Assam | News18-Assam
Updated:September 14, 2021, 12:08 PM IST
যোৰহাট নগৰৰ সন্দেহজনক ড্ৰাগছৰ ঘাটিত প্ৰচণ্ড মাৰপিট, নিয়োগ কৰিব লগা হ'ল অৰ্ধসামৰিক বাহিনী
সন্দেহজনক ড্ৰাগছ, নিষিদ্ধ সামগ্ৰীৰ ঘাটিত বাধা দিবলৈ যাওঁতেই একাংশ স্থানীয় লোক আক্ৰমণৰ বলি হোৱাৰ অভিযোগ।

সন্দেহজনক ড্ৰাগছ, নিষিদ্ধ সামগ্ৰীৰ ঘাটিত বাধা দিবলৈ যাওঁতেই একাংশ স্থানীয় লোক আক্ৰমণৰ বলি হোৱাৰ অভিযোগ।

  • News18 Assam
  • Last Updated: September 14, 2021, 12:08 PM IST
  • Share this:

যোৰহাট নগৰৰ ড্ৰাগছ , জুৱা তথা নিষিদ্ধ সামগ্ৰীৰ ঘাটি ৰূপে চৰ্চিত এটা এলেকাত স্থানীয় লোকে বাধা দিবলৈ যোৱাৰ সময়তে সোমবাৰে নিশা সঙঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা। অসামাজিক কামকাজত বাধা দিবলৈ যোৱা একাংশ লোকক এটা দলে আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰে ।


যোৰহাট নগৰৰ হৰিজন ক'লনীত সোমবাৰে নিশা সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা। পছা নামৰ এজন লোকৰ এটা বৃহৎ দলৰ আক্ৰমণত আহত হয় ১০ জনতকৈও অধিক লোক। ইয়াকে লৈ উত্তপ্ত হৈ পৰে অঞ্চলটোৰ পৰিৱেশ । গণেশ পূজাৰ মূৰ্তি বিসৰ্জনক কেন্দ্ৰ কৰি প্ৰথমে সূত্ৰপাত ঘটে কাজিয়াৰ। আৰু এই কাজিয়াই পিছলৈ ৰূপ লয় প্ৰচণ্ড মাৰপিটৰ।


উল্লেখ্য পছা বাচফৰ নামৰ লোকজনৰ বাসগৃহৰ চৌহদত দীৰ্ঘদিন ধৰি ড্ৰাগছ, জুৱা, সুৰা তথা অসামাজিক কাম–কাজৰ আড্ডা চলি অহাৰ গুৰুতৰ অভিযোগ তুলিছে স্থানীয় লোকসকলে। পছাৰ উক্ত আড্ডাস্থলীলৈ বহু যুৱকৰ অহা-যোৱা প্ৰত্যক্ষ কৰি একাংশ লোকে সোধা–পোছা কৰিবলৈ যাওঁতেই পছাৰ দলৰ আক্ৰমণৰ বলি হয় লোকসকল। পিছত ঘটনাস্থলীত আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে।



"পছাৰ ঘৰৰ চৌহদত ড্ৰাগছ বিক্ৰী কৰা হয়। বহু অসামাজিক কাম চলে। বহু বাহিৰা ল'ৰাৰ আহ-যাহ আমি চাই আছিলোঁ। আজি সেই বিষয়ে সোধা–পোছা কৰি সেই ল'ৰাবোৰক আহিবলৈ মানা কৰোঁতে পছা বাহিনীয়ে আমাক আক্ৰমণ কৰে। ড্ৰাগছ-সুৰা-জুৱাৰ অবৈধ ব্যৱসায়েৰে সমগ্র এলেকাটোৰ পৰিৱেশ বেয়া কৰিছে পছাৰ গেংটোৱে।" –এগৰাকী ভুক্তভোগী যুৱকে এনেদৰে কয় ।


উল্লেখ্য, কিছুদিন পূৰ্বলৈকে পছা আছিল যোৰহাট আৰক্ষীৰ ম'ষ্ট ৱান্টেডৰ তালিকাত। পছাৰ বিৰুদ্ধে আছে বহু অভিযোগ। নগৰৰ হৰিজন কলনী অঞ্চলটোত জুৱাৰ আড্ডা, ড্ৰাগছ, সুৰা আদিৰ অবৈধ ব্যৱসায়ৰ সৈতে পছা জড়িত হৈ থকাৰ অভিযোগ দীৰ্ঘদিনীয়া। প্ৰায় এক-ডেৰবছৰ পূৰ্বে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল পছাক। উক্ত এলেকাটোৰ পৰা অবৈধ সুৰা , ভাং আৰু সন্দেহজনক ড্ৰাগছো জব্দ কৰিছিল আৰক্ষীয়ে। কিন্তু তাৰ পিছতো পছাই জুৱাৰ আড্ডা, ড্ৰাগছ-সুৰাৰ ব্যৱসায় চলায় অহাৰ অভিযোগ উঠি আহিছে।


হৰিজন ক'লনীৰ লোকৰ ওপৰত পছা বাহিনীয়ে কৰা এই আক্ৰমণৰ ফলত প্ৰায় ১০ জন লোক আহত হয়। ইতিমধ্যে অঞ্চলবাসীয়ে যোৰহাট থানাত এজাহাৰ দাখিল কৰিছে । পৰিস্থিতি যাতে অধিক অৱনতি নহয়, তাৰ বাবে অঞ্চলটোত অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছে।

Published by: Gautam Barman
First published: September 14, 2021, 12:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি