মুখ্যপৃষ্ঠা »খবৰ »অসম »APSC কেলেংকাৰীক লৈ Fight Against Injusticeৰ সংবাদমেল, ক’লে – APSCৰ দুৰ্নীতি তথা সংস্কাৰৰ ক্ষেত্ৰত সদিচ্ছা নাই চৰকাৰৰ

APSC কেলেংকাৰীক লৈ Fight Against Injusticeৰ সংবাদমেল, ক’লে – APSCৰ দুৰ্নীতি তথা সংস্কাৰৰ ক্ষেত্ৰত সদিচ্ছা নাই চৰকাৰৰ

APSC দুৰ্নীতি তথা সংস্কাৰক লৈ অসম চৰকাৰৰ সদিচ্ছা নাই বুলিও সংবাদমেলত উল্লেখ কৰে সংগঠনটোৰ বিষয়ববীয়াই ৷

APSC দুৰ্নীতি তথা সংস্কাৰক লৈ অসম চৰকাৰৰ সদিচ্ছা নাই বুলিও সংবাদমেলত উল্লেখ কৰে সংগঠনটোৰ বিষয়ববীয়াই ৷

APSC দুৰ্নীতি তথা সংস্কাৰক লৈ অসম চৰকাৰৰ সদিচ্ছা নাই বুলিও সংবাদমেলত উল্লেখ কৰে সংগঠনটোৰ বিষয়ববীয়াই ৷

  • Share this:
অসম লোকসেৱা আয়োগৰ কেলেংকাৰীক লৈ সংবাদমেল ফাইট এগেইনষ্ট ইনজাষ্টিচ নামৰ সংগঠনটোৰ। সংবাদমেলত সংগঠনটোৰ বিষয়ববীয়াই কয়, ‘‘দুৰ্নীতিগ্ৰস্ত ৰাকেশ পালৰ দিনত বক্ৰপথেৰে চাকৰি লোৱা ৩৭ গৰাকী ৰাজপত্ৰিত বিষয়াৰ নাম এবছৰ পূৰ্বে অৱসৰ প্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে দাখিল কৰিছিল চৰকাৰক৷ ৰাজ্য চৰকাৰক দাখিল কৰা এই  প্ৰতিবেদনৰ ভিত্তিত আজিলৈ নহ’ল ব্যৱস্থা৷ তাৰ বিপৰীতে চৰকাৰে তালিকাত নাম থকা কুলপ্ৰদীপ ভট্টাচাৰ্যক পদোন্নতি প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ বিশেষ শাখাত নিয়োগ কৰিলে ৷’’

APSC দুৰ্নীতি তথা সংস্কাৰক লৈ অসম চৰকাৰৰ সদিচ্ছা নাই বুলিও সংবাদমেলত উল্লেখ কৰে সংগঠনটোৰ বিষয়ববীয়াই ৷ দুৰ্নীতি নিৰ্মূলৰ লক্ষ্য লোৱা চৰকাৰখনে সেয়ে তাৰা প্ৰসাদ দাসৰ সময়ৰ বিষয়াক নতুনকৈ আয়োগৰ অধ্যক্ষৰ আসনত বহাইছে বুলি কয় সংগঠনটোৱে ৷

‘‘ৰাকেশৰ পালৰ দিনত RTI যোগে উত্তৰ বহীৰ উত্তৰ পাইছিল প্ৰাৰ্থীয়ে৷ পিছে বৰ্তমানৰ অধ্যক্ষ ভাৰত ভূষণ চৌধুৰীৰ দিনত RTI যোগে প্ৰাৰ্থীয়ে লাভ নকৰে উত্তৰ বহীৰ উত্তৰ৷’’ – মন্তব্য সংগঠনটোৰ।

ইমানে নহয়, ৰাকেশ পালৰ দিনত মৌখিক পৰীক্ষাৰ নামত যেনেকুৱা কেলেংকাৰী হৈছিল ঠিক একেদৰে কেলেংকাৰী ভাৰত ভূষণ দেৱচৌধুৰীৰ দিনটো হোৱা বুলি দাবী সংগঠনটোৰ৷ APSCৰ কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা নল’লে অচিৰেই আইনী পদক্ষেপ লোৱাৰো হুংকাৰ দিয়ে ফাইট এগেইনষ্ট ইনজাষ্টিচৰ বিষয়ববীয়াই।

শেহতীয়া বাতৰি