মুখ্যপৃষ্ঠা »খবৰ »অসম »কোৰোণাৰ বিৰুদ্ধে যুঁজ! মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ লাইট অৱ ভিলেজ এনাৰ্জিৰ ৫০,০০০ টকাৰ বৰঙণি

কোৰোণাৰ বিৰুদ্ধে যুঁজ! মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ লাইট অৱ ভিলেজ এনাৰ্জিৰ ৫০,০০০ টকাৰ বৰঙণি

দেশজুৰি অব্য়াহত আছে কোৰোণাৰ দ্বিতীয় ঢৌৰ ভয়াৱহতা। অসমতো বাঢ়িছে কোৰোণাৰ সংক্ৰমণৰ প্ৰকোপ।

দেশজুৰি অব্য়াহত আছে কোৰোণাৰ দ্বিতীয় ঢৌৰ ভয়াৱহতা। অসমতো বাঢ়িছে কোৰোণাৰ সংক্ৰমণৰ প্ৰকোপ।

দেশজুৰি অব্য়াহত আছে কোৰোণাৰ দ্বিতীয় ঢৌৰ ভয়াৱহতা। অসমতো বাঢ়িছে কোৰোণাৰ সংক্ৰমণৰ প্ৰকোপ।

  • Share this:
দেশজুৰি অব্য়াহত আছে কোৰোণাৰ দ্বিতীয় ঢৌৰ ভয়াৱহতা। অসমতো বাঢ়িছে কোৰোণাৰ সংক্ৰমণৰ প্ৰকোপ। কোৰোণাৰ এনে সংক্ৰমণ ৰোধ কৰিবলৈ এতিয়া ভেকচিন গ্ৰহণ কৰা অত্যন্ত জৰুৰী হৈ পৰিছে। অসম চৰকাৰে ৰাজ্যৰ সকলো লোককে বিনামুলীয়া ভেকচিনেৰে সামমৰি ল'ব বুলি জনাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সাধ্য অনুসাৰে সকলোকে দান বৰঙণি আগবঢ়াবলৈ অনুৰোধ জনাইছে।

তেনে সময়তে কোভিড-১৯ ৰ মুখামুখি হ'ব পৰাকৈ চৰকাৰৰ সামৰ্থ্য বৃদ্ধিৰ বাবে  মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ  "লাইট অৱ ভিলেজ এনাৰ্জি" নামৰ এটা সংস্থাই  ৫০,০০০ টকাৰ অনুদান আগবঢ়াইছে।

সংস্থাটোৰ সভাপতি যোগেশ্বৰ তালুকদাৰ আৰু সম্পাদক অনুপ মজুমদাৰৰ যুটীয়া স্বাক্ষৰিত এলাহাবাদ বেংকত সংস্থাটোৰ নামত থকা বেংক একাউণ্টৰ চেকৰ জৰিয়তে উক্ত ধনৰাশি প্ৰদান কৰিছে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি অথবা অসম আৰোগ্য নিধিলৈ বৰঙণি আগবঢ়োৱাৰ আহ্বান জনোৱাৰ লগতে বৰঙণি সমূহ কোভিড-১৯ ৰোগৰ প্ৰতিৰোধ, প্ৰতিষেধক ক্ৰয়, অক্সিজেন শয্যাৰ সংযোজন আৰু অন্যান্য যাৱতীয় কামত ব্যৱহাৰ কৰা হ'ব বুলি ঘোষণা কৰিছিল।

শেহতীয়া বাতৰি