বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বেতনা মৌজাৰ অন্তৰ্গত এখন গাঁও উত্তৰ চেউনী ৷ এই উত্তৰ চেউনী গাঁৱতে অৱস্থিত শ্ৰী শ্ৰীৰাসেশ্বৰ দেৱ মন্দিৰ। প্ৰায় এশ বছৰ পূৰ্বে স্থাপিত এই মন্দিৰটোত লুকাই আছে এক আপুৰুগীয়া ঐতিহাসিক সম্পদ। ৰাসেশ্বৰ দেৱ মন্দিৰত আজিৰে পৰা প্ৰায় সত্তৰ–পঁয়সত্তৰ বছৰ পূৰ্বে গাঁওখনৰে এগৰাকী ব্যক্তি প্ৰয়াত প্ৰাণেশ্বৰ কলিতাই মৃত্যুৰ পূৰ্বে মন্দিৰটোলৈ তিনি বাকচ সাঁচিপাত দান কৰিছিল ৰাইজক সংৰক্ষণ কৰাৰ উদ্দেশ্যে।
তেতিয়াৰে পৰা মন্দিৰটোৰ থাপনা আৰু এতিয়াৰ মণিকূটৰ ওচৰতে নামঘৰীয়াই সাঁচিপাতখিনি সংৰক্ষণ কৰি ৰাখিছে। উল্লেখ্য যে এসময়ত ইয়াতে শ্ৰীকৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত হোৱা উপলক্ষে “শ্ৰী শ্ৰী ৰাসেশ্বৰ দেৱমন্দিৰ” বুলি নামকৰণ কৰা হয় যদিও কালক্ৰমত ইয়াত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে মণিকূট স্থাপন কৰি নামঘৰ হিচাপে চিহ্নত কৰি অহা হৈছে।
ইয়াৰে প্ৰাক্তন নামঘৰীয়া কামেশ্বৰ কলিতাই প্ৰাচীন সম্পদ সাঁচিপাতসমূহ বৰ্তমানেও ৰাইজৰ তত্ত্বাৱধানত চোৱা চিতা কৰাৰ লগতে সংৰক্ষিত কৰি ৰাখিছে। কিন্তু শ শ বছৰ পুৰণি হোৱা হেতুকে সাঁচিপাতসমূহৰ একাংশ পঁইতাচোৰা আৰু অন্যান্য পোক-পৰুৱাই নষ্ট কৰাত উৱলি গৈছে। তথাপি বহুখিনি এতিয়াও অক্ষত অৱস্থাত আছে।
অৱশ্যে এই ধৰণৰ ঐতিহাসিক সম্পদ বৈজ্ঞানিকভাৱে সংৰক্ষণ কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছে ৰাইজ। এনেধৰণে থাকিলে সম্পূৰ্ণ সাঁচিপাতখিনিয়ে এসময়ত উৱলি যোৱাৰ উপক্ৰম হ'ব। আজিকোপতি এই সম্পদখিনিৰ বিষয়ে কোনোৱে চৰকাৰীভাৱে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।
এইক্ষেত্ৰত চৰকাৰীভাৱে ৰক্ষণা–বেক্ষণ কৰাৰ লগতে এটা সংগ্ৰহালয় এই অঞ্চলত স্থাপন কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বুৰঞ্জী আৰু পুৰতত্ত্ব বিভাগৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ ৰাইজে আহ্বান জনাইছে। উল্লেখ্য যে চৈধ্য–পোন্ধৰ শতিকাত মহাপুৰুষ শংকৰদেৱ আৰু তেৰাৰ প্ৰপন্ন শিষ্যসকলে সাঁচিপাত ব্যৱহাৰ কৰি বিভিন্ন শাস্ত্ৰ ৰচনা কৰিছিল ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|