মুখ্যপৃষ্ঠা »খবৰ »অসম »FICCI FLO : নিজ নিজ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা উত্তৰ-পূবৰ ৭ গৰাকী উদ্যোগী মহিলাক বিশেষ বঁটা প্ৰদান

FICCI FLO : নিজ নিজ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা উত্তৰ-পূবৰ ৭ গৰাকী উদ্যোগী মহিলাক বিশেষ বঁটা প্ৰদান

সাতগৰাকী মহিলাৰ কৰ্মদক্ষতা দেখি অভিভূত হৈ পৰে মন্ত্ৰী নন্দিতা গাৰ্লোছা আৰু সাংসদ ভুবনেশ্বৰ কলিতা।

সাতগৰাকী মহিলাৰ কৰ্মদক্ষতা দেখি অভিভূত হৈ পৰে মন্ত্ৰী নন্দিতা গাৰ্লোছা আৰু সাংসদ ভুবনেশ্বৰ কলিতা।

সাতগৰাকী মহিলাৰ কৰ্মদক্ষতা দেখি অভিভূত হৈ পৰে মন্ত্ৰী নন্দিতা গাৰ্লোছা আৰু সাংসদ ভুবনেশ্বৰ কলিতা।

  • Share this:

FICCI FLO-এ উত্তৰ-পূৰ্বাঞ্চলৰ ৭ গৰাকী উদ্যোগী মহিলাক শনিবাৰে বিশেষ বঁটা প্ৰদান কৰে। গুৱাহাটীৰ ভিভান্তাত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি অভিভূত হৈ পৰে মন্ত্ৰী নন্দিতা গাৰ্লোছা আৰু সাংসদ ভুবনেশ্বৰ কলিতা।


উত্তৰ-পূৰ্বাঞ্চলৰ ৭গৰাকী উদ্যোগী মহিলাই শনিবাৰে লাভ কৰে FICCI FLOৰ বিশেষ বঁটা ২০২৩। হোটেল ভিভান্তাত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত মন্ত্ৰী নন্দিতা গাৰ্লোছা (Minister Nandita Garlosa) আৰু সাংসদ ভুবনেশ্বৰ কলিতা (MP Bhubaneswar Kalita) উপস্থিত আছিল।


নিজ নিজ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ বাবে বিশেষভাৱে মহিলাক প্ৰদান কৰা হয় এই বঁটা। নৰ্থ ইষ্টৰ ৭গৰাকী উদ্যোগী মহিলাই শনিবাৰে লাভ কৰে এই বঁটা। শ্ৰুতিমালা দুৱাৰা, বৰ্ষা ৰাজখোৱা, লাগে ৰিতা, শ্ৰীলেখা ৰয়, বিজয় শান্তি টংব্ৰাম, দৰ্শনা সেনগুপ্তা আৰু সেনু টোছাকে লাভ কৰে FICCI FLOৰ বঁটা।


পুৰস্কাৰ লাভ কৰা সাতগৰাকী মহিলাৰ কৰ্মদক্ষতা দেখি অভিভূত হৈ পৰে মন্ত্ৰী নন্দিতা গাৰ্লোছা আৰু সাংসদ ভুবনেশ্বৰ কলিতা। বঁটা প্ৰদান অনুষ্ঠানত FICCI FLOৰ উত্তৰ-পূৰ্বাঞ্চলৰ অধ্যক্ষা মেঘালী দাসো উপস্থিত আছিল। উল্লেখ্য FICCI FLO ভাৰতবৰ্ষত ১৭ টা শাখাৰ লগতে প্ৰায় ৮ হাজাৰ মহিলা উদ্যোগীৰে গঠিত এটা সংগঠন।

শেহতীয়া বাতৰি