Covid in Nagaon : নগাঁও জিলাৰ বহু ঠাইত ক'ভিড পৰিস্থিতি এতিয়াও চিন্তনীয়, জিলাখনৰ কেইবাখনো বজাৰ এসপ্তাহৰ বাবে বন্ধ ঘোষণা।

News18 Assam | News18-Assam
Updated:July 21, 2021, 6:49 PM IST
Covid in Nagaon : নগাঁও জিলাৰ বহু ঠাইত ক'ভিড পৰিস্থিতি এতিয়াও চিন্তনীয়, জিলাখনৰ কেইবাখনো বজাৰ এসপ্তাহৰ বাবে বন্ধ ঘোষণা।
নিৰ্দেশ অমান্য কৰি কোনোৱে যদি বজাৰ বহুৱায় বা দোকান-পোহাৰ খোলে তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

নিৰ্দেশ অমান্য কৰি কোনোৱে যদি বজাৰ বহুৱায় বা দোকান-পোহাৰ খোলে তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

  • Share this:
নগাঁও জিলাত ক'ভিড ১৯ত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে যদিও কিছু কিছু অঞ্চলত ক'ভিড-১৯ ৰ সংক্ৰমণ অব্যাহত আছে। সেয়ে উক্ত অঞ্চল সমূহত ক'ভিড ১৯ প্ৰতিৰোধৰ উদ্দেশ্যে নগাঁও জিলাৰ জিলা দণ্ডাধীশ তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষই জিলাখনৰ কেবাখনো বজাৰ আগন্তুক ৭ দিনৰ বাবে বন্ধ ঘোষণা কৰিছে ।

জিলাখনৰ বৰকলা বজাৰ আৰু দক্ষিণপাট চাৰিআলিৰ বজাৰ দুখন আজিৰ পৰা আগন্তুক ৭ দিনৰ বাবে সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰা হৈছে। লগতে জাজৰী বজাৰখন কাইলৈৰ পৰা আগন্তুক ৭ দিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। এই নিৰ্দেশ অমান্য কৰি কোনোৱে যদি বজাৰ বহুৱায় বা দোকান-পোহাৰ খোলে তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

অৱশ্যে এই বজাৰ সমূহৰ গেলামালৰ দোকান সমূহ, ঔষধৰ দোকান সমূহ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান সমূহক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে।
Published by: Manjumoni Borah
First published: July 21, 2021, 6:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি