এক মাৰ্কিন প্ৰতিষ্ঠানৰ গৱেষণা পত্ৰত উল্লেখ কৰা মতে অসমত ৬১শতাংশ হিন্দু ধৰ্মাৱলম্বী লোক আছে আৰু ৰাজ্যখনত প্ৰজননৰ হাৰ ২.২ শতাংশ। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ Pew Research Centre নামৰ এটা বেচৰকাৰী প্ৰতিষ্ঠানে অলপতে প্ৰকাশ কৰিছে এই তথ্য ।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত হিন্দুৰ জনসংখ্যা অনুপাতৰ হিচাপত সৰ্বাধিক ত্ৰিপুৰাত । সীমান্ত ৰাজ্যখনত ৮৩ শতাংশ হিন্দু লোক আছে । অসমৰ এই পৰিসংখ্যা ৬১ শতাংশ । প্ৰজননৰ ফালৰ পৰা শীর্ষত আছে নাগালেণ্ড । নাগালেণ্ডত প্ৰজননৰ হাৰ ২.৭ । অন্যহাতেদি প্ৰজননৰ হাৰ সকলোতকৈ কম ত্ৰিপুৰাত – ১.৭ । অসমত এই হাৰ ২.২ যি ৰাষ্ট্ৰীয় হাৰতকৈ বেছি ।
উল্লেখযোগ্য যে গৱেষণা পত্ৰখনত প্ৰৱজনৰ ফলত ধৰ্মৰ ভিত্তিত দেশত জনসংখ্যাৰ বিশেষ তাৰতম্য ঘটা নাই বুলি উল্লেখ কৰা হৈছে । দেশৰ ৯৯ শতাংশ লোকৰ ভাৰততে জন্ম হৈছে বুলি উল্লেখ পত্ৰখনত ।