• Home
  • »
  • News
  • »
  • assam
  • »
  • Ferry Services Suspended : সম্ভাব্য বিপদৰ আশংকাত গুৱাহাটীত অনিৰ্দিষ্ট কাললৈ জাহাজ বন্ধ, ৰহস্যৰ গোন্ধ যাত্ৰীৰ

Ferry Services Suspended : সম্ভাব্য বিপদৰ আশংকাত গুৱাহাটীত অনিৰ্দিষ্ট কাললৈ জাহাজ বন্ধ, ৰহস্যৰ গোন্ধ যাত্ৰীৰ

যাত্ৰীৰ অভিযোগ- জল পৰিবহণ বিভাগে দিয়া জাননীৰ লেখীয়া নদীত গছ বা সোঁতৰ ভয়াবহতা নাই। 

যাত্ৰীৰ অভিযোগ- জল পৰিবহণ বিভাগে দিয়া জাননীৰ লেখীয়া নদীত গছ বা সোঁতৰ ভয়াবহতা নাই। 

যাত্ৰীৰ অভিযোগ- জল পৰিবহণ বিভাগে দিয়া জাননীৰ লেখীয়া নদীত গছ বা সোঁতৰ ভয়াবহতা নাই। 

  • Share this:
অৱশেষত গুৱাহাটীৰ ফেৰী যাত্ৰীৰ বাবে আহিল দুঃখবৰ। আজি সন্ধিয়া ছয় বজাৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ  ফেৰী সেৱা। লুইতৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে সম্ভাব্য বিপদৰ আশংকাত জল পৰিবহণ বিভাগে (Water Transport Department) লৈছে এই সিদ্ধান্ত।

আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালক কাৰ্যালয়ৰ EWT/136/GC/2019-20/5506/20 এক নিৰ্দেশযোগে  এই কথা প্ৰকাশ কৰিছে। কামৰূপ মহানগৰ উপায়ুক্ত তথা সংশ্লিষ্ট পক্ষলৈ প্ৰেৰণ কৰা নিৰ্দেশ পত্ৰত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে পানীৰ প্ৰবল সোঁতত গছৰ টুকুৰা উটি আহি জাহাজৰ মুখামুখি হৈ অঘটন হ'ব পাৰে। যাত্ৰীৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ১৮ মে'ৰ সন্ধিয়া ছয় বজাৰ পিছত গুৱাহাটীত ফেৰী চলাচল অনিৰ্দিষ্ট দিনলৈ বন্ধ কৰা বুলি উল্লেখ কৰিছে (Ferry services between Guwahati-North Guwahati have been suspended)।

অৱশ্যে জল পৰিবহণ বিভাগে হঠাতে লোৱা সিদ্ধান্তৰ বাবে নিশাৰ সকলো যাতায়াত অব্যাহত ৰাখিছে। ৰূপেক্স নামৰ উচ্চ ক্ষমতাসম্পন্ন জাহাজখনেৰে মধ্যম খণ্ড ঘাটত সেৱা আগবঢ়ায়। ইফালে জল পৰিবহণ বিভাগৰ এই সিদ্ধান্তৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যাত্ৰীয়ে।

গুৱাহাটীৰ লুইতত আচলতে জলস্তৰ বৃদ্ধিৰ বাবে ফেৰী বন্ধ হোৱা নাই। সামান্য পানী বাঢ়োঁতেই জাহাজ বন্ধ কৰি দায় সৰাৰ অভিযোগ কৰিছে জল পৰিবহণ বিভাগৰ বিৰুদ্ধে । যি সময়ত সকলো বতৰতে চলিব পৰা জাহাজ অনা বুলি খোদ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল, সেই সময়ত দুদিন নৌহওঁতেই পাভলুটি মাৰি চৰকাৰে জনতাক শ'লঠেকত পেলালে।

সময়ত পানী বিপদ সীমাৰ ওচৰ নৌপাওঁতেই  জাহাজ বন্ধ কৰাটো কিমানদূৰ সমীচীন, তাক লৈ ৰহস্যৰ গোন্ধ পাইছে ৰাইজে। জাহাজ বন্ধৰ এই অবিবেচক সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী কৰিছে ৰাইজে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যাত্ৰীয়ে কয় যে পানী যেতিয়া মূল পথৰ দাঁতি চুৱে তেতিয়া বিপদসীমা অতিক্ৰম হোৱা বুলি ফেৰী সেৱা বন্ধ কৰে। কিন্তু লুইতৰ পানী এতিয়াও গুৱাহাটীত বহু তলত আছে। জল পৰিবহণ বিভাগে দিয়া জাননীৰ লেখীয়া নদীত গছ বা সোঁতৰ ভয়াবহতা নাই।
Published by:Gautam Barman
First published: