মুখ্যপৃষ্ঠা » খবৰ

» অসম

»৭ দিনৰ পিছত আজি পুনৰ মাজুলী আৰু নিমাতীঘাটৰ মাজত চলিব ফেৰী

৭ দিনৰ পিছত আজি পুনৰ মাজুলী আৰু নিমাতীঘাটৰ মাজত চলিব ফেৰী

News18-Assam
Updated:July 17, 2019, 7:46 AM IST
৭ দিনৰ পিছত আজি পুনৰ মাজুলী আৰু নিমাতীঘাটৰ মাজত চলিব ফেৰী
FILE PHOTO

লুইতৰ জলস্তৰ বৃদ্ধি পোৱাত ৭ দিন ধৰি মাজুলী–নিমাতীঘাটৰ মাজত বন্ধ হৈ আছিল ফেৰীসেৱা।

  • Share this:
আজিৰে পৰা পুনৰ মাজুলী আৰু নিমাতীঘাটৰ মাজত চলিব ফেৰী। মাত্ৰ এখনহে ফেৰী চলিব মাজুলীৰ আৰু নিমাতীঘাটৰ মাজত। পুৱা ৯ বজাত ফেৰীখন মাজুলীৰ পৰা যাব নিমাতীঘাটলৈ। বিয়লি ৩ বজাত নিমাতীঘাটৰ পৰা উভতিব মাজুলীলৈ। কেৱল যাত্ৰীহে কঢ়িয়াই নিয়া হ’ব এই ফেৰীখনত। যান-বাহন কঢ়িয়াই নিয়াত নিষেধাজ্ঞা অব্যাহত আছে। আভ্যন্তৰীণ জল পৰিবহণ বিভাগে জনালে এই কথা। লুইতৰ জলস্তৰ বৃদ্ধি পোৱাত ৭ দিন ধৰি মাজুলী–নিমাতীঘাটৰ মাজত বন্ধ হৈ আছিল ফেৰীসেৱা।
First published: July 17, 2019, 7:46 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি