• Home
  • »
  • News
  • »
  • assam
  • »
  • অতি শীঘ্ৰে বৃদ্ধি হ'ব ফেৰীৰ ভাৰা; আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ খচৰা প্ৰস্তুত

অতি শীঘ্ৰে বৃদ্ধি হ'ব ফেৰীৰ ভাৰা; আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ খচৰা প্ৰস্তুত

অতি শীঘ্ৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে জাহাজৰ ভাৰা বৃদ্ধি কৰিব।

অতি শীঘ্ৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে জাহাজৰ ভাৰা বৃদ্ধি কৰিব।

আমিনগাঁৱৰ বন্ধ ফেৰী সেৱা পুনৰ চলাচল অথবা কৰ্মচাৰীসকলক আন ঘাটত সংযোজন, এলেহুৱা অনাৱশ্যক কৰ্মচাৰীৰ অপসাৰণ, দেওবাৰেও নিয়মীয়া ফেৰী সেৱা আদি বিষয়সমূহৰো পুনৰীক্ষণৰ বাবে দৃষ্টিগোচৰ কৰোৱা হয়।

  • Share this:
অতি শীঘ্ৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে জাহাজৰ ভাৰা বৃদ্ধি কৰিব। ইতিমধ্যে ইনলেণ্ড ৱাটাৰ ৰেগুলেটৰী ব'ৰ্ডে জাহাজৰ ভাৰা বৃদ্ধিৰ এক খচৰা প্ৰস্তুত কৰি ৰাইজৰ মতামত লৈ কাৰ্যকৰীৰ দিশে আগবাঢ়িছে। আজি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ পাণবজাৰ ফেৰী ঘাটৰ এক আবাসত ৰাইজৰ প্ৰতিনিধি, জল পৰিবহণ বিষয়া আৰু জল পৰিবহণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ মাজত এক বৈঠক অনুষ্ঠিত হয়, য'ত ৰাইজৰ সীমিত প্ৰতিনিধি, সংবাদকৰ্মীৰ উপস্থিতিত ব'ৰ্ডৰ বিষয়ববীয়াই মতামত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, ইনলেণ্ড ৱাটাৰ ব'ৰ্ডে প্ৰস্তুত কৰা ভাৰাৰ নিৰিখৰ ওপৰত মতামত বিচৰাত কিছু ক্ষেত্ৰত সহমত প্ৰকাশ কৰে যদিও আন কিছু ক্ষেত্ৰত ভাৰাৰ নিৰিখ কমাবলৈ মতামত দাঙি ধৰে। ৰেগুলেটৰী ব'ৰ্ডৰ তিনিজনীয়া সদস্য গোটত আছে ক্ৰমে বিবেকানন্দ ফুকন, বিপুল দাস আৰু প্ৰবীণ দাস। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সচিব গুণজিৎ চৌধুৰীৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত ৰাইজৰ হৈ ৰিংকু তামুলী, দীপেন ভূঞা, মুহিতেশ্বৰ গোস্বামী আৰু অজিত নাথ চমুৱাই মতামত দাঙি ধৰি বৰ্দ্ধিত ভাৰা কিছু হ্ৰাস কৰিবলৈ ব'ৰ্ডৰ গোটক অনুৰোধ জনায়।

আনহাতে, মতামত দাঙি ধৰি ৰিংকু তামুলীয়ে কয় যে ভাৰা বৃদ্ধিৰ খচৰাৰ পূৰ্বে ৰাইজৰ সা-সুবিধাৰ ওপৰতো মতামত গ্ৰহণ কৰিব লাগে। জাহাজৰ ক্ষেপ বৃদ্ধি, সুৰক্ষিত ফেৰী সেৱা, ফেৰীঘাটৰ আধুনিকীকৰণ এই কথাৰ ওপৰতো মতামত নলৈ ভাৰা বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলি কয়। ইফালে কুৰুৱা গুৱাহাটীৰ ফেৰীৰ ভাৰা ২০ টকাৰ পৰা ৪০ টকা কৰা বিষয়টো পুনৰ বিবেচনা আৰু কুৰুৱাত দুটা ক্ষেপৰ পৰা ছটালৈ বৃদ্ধিৰ পযামৰ্শ দিয়ে প্ৰতিনিধি দলটিয়ে। পুৰ্বৰ যাত্ৰীৰ ৫ টকাৰ পৰিৱৰ্তে ১০ টকা, মটৰ চাইকেলসহ আৰোহী পূৰ্বৰ ৭টকাৰ পৰিৱৰ্তে ১৪ টকা, চাইকেল ৪:৫০ পৰিৱৰ্তে ৯ টকা আৰু প্ৰতি কুইণ্টল সামগ্ৰীৰ পূৰ্বৰ ৫ টকাৰ পৰিৱৰ্তে নতুন নিৰিখ ১০ টকা।

গুৰুত্বপূৰ্ণভাৱে নৈশ ফেৰীৰ ভাৰাৰো কিছু বৃদ্ধি কৰা হৈছে। সেই অনুযায়ী, ২:৫০ৰ পৰা ৫ টকা, বাহন আৰোহীৰ ৭ টকাৰ পৰিবৰ্তে ২০ টকা, চাইকেলৰ ৪:৫০ ৰ পৰা ১৮ টকা আৰু সামগ্ৰীৰ প্ৰতি কুইণ্টলৰ ভাৰা ৫ টকাৰ পৰা ২০ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ লৈছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ভাৰা নিয়ন্ত্ৰণ ব'ৰ্ডে। তদুপৰি আমিনগাঁৱৰ বন্ধ ফেৰী সেৱা পুনৰ চলাচল অথবা কৰ্মচাৰীসকলক আন ঘাটত সংযোজন, এলেহুৱা অনাৱশ্যক কৰ্মচাৰীৰ অপসাৰণ, দেওবাৰেও নিয়মীয়া ফেৰী সেৱা আদি বিষয়সমূহৰো পুনৰীক্ষণৰ বাবে দৃষ্টিগোচৰ কৰোৱা হয়। ৰেগুলেটৰী ব'ৰ্ডে বিষয়সমূহ পৰ্যবেক্ষণ কৰি জাহাজৰ ভাৰা বৃদ্ধি কৰা হ'ব বুলি কয়। আজি এই বৈঠকত মধ্যমখণ্ড ঘাটৰ শাখা বিষয়া মলিন হালৈ প্ৰমুখ্যে গুৱাহাটী জাহাজ ঘাটৰ শাখা বিষয়া সকলো উপস্থিত থাকেণ জল পৰিবহণৰ লগত পৰ্যটনৰ বিকাশৰ বিষয়টোৱেও আলোচনাত স্থান লাভ কৰে।
Published by:Subham Goswami
First published: