• Home
  • »
  • News
  • »
  • assam
  • »
  • অন্য এক নিমাতীঘাতলৈ কেইদিন? কালিৰ পিছত আজিও পুনৰ ফাঁচীবজাৰ ঘাটত অচল জাহাজৰ ইঞ্জিন, যাত্ৰীৰ হুৱাদুৱা

অন্য এক নিমাতীঘাতলৈ কেইদিন? কালিৰ পিছত আজিও পুনৰ ফাঁচীবজাৰ ঘাটত অচল জাহাজৰ ইঞ্জিন, যাত্ৰীৰ হুৱাদুৱা

 জাহাজত থকা যাত্ৰীৰ পৰা জানিব পৰা মতে,  এম ভি পুঠিমাৰী নামৰ জাহাজখনৰ ইঞ্জিন বিকল হৈ আধাঘণ্টা ধৰি পাৰঘাটতে আবদ্ধ হৈ থাকে।

জাহাজত থকা যাত্ৰীৰ পৰা জানিব পৰা মতে,  এম ভি পুঠিমাৰী নামৰ জাহাজখনৰ ইঞ্জিন বিকল হৈ আধাঘণ্টা ধৰি পাৰঘাটতে আবদ্ধ হৈ থাকে।

জাহাজত থকা যাত্ৰীৰ পৰা জানিব পৰা মতে,  এম ভি পুঠিমাৰী নামৰ জাহাজখনৰ ইঞ্জিন বিকল হৈ আধাঘণ্টা ধৰি পাৰঘাটতে আবদ্ধ হৈ থাকে।

  • Share this:

ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মকাণ্ডই পুনৰ মনত পেলাই দিলে মাজুলী–নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ কথা। সোমবাৰে সন্ধিয়া গুৱাহাটীৰ ব্ৰহ্মপুত্ৰত সম্ভাব্য জাহাজ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰাৰ ২৪ ঘণ্টা পিছত আজি পুনৰ গুৱাহাটীৰ ফেৰীত অঘটন ।


সন্ধিয়া ৫.১৫ বজাৰ গুৱাহাটী ফাঁচী বজাৰ ঘাটৰ পৰা উত্তৰ গুৱাহাটীৰ মাজগাঁও ঘাটলৈ আহিবলগীয়া ফেৰীৰ ইঞ্জিন বিকল হোৱাত হুৱাদুৱা লাগে যাত্ৰীৰ মাজত। জাহাজত থকা যাত্ৰীৰ পৰা জানিব পৰা মতে,  এম ভি পুঠিমাৰী নামৰ জাহাজখনৰ ইঞ্জিন বিকল হৈ আধাঘণ্টা ধৰি পাৰঘাটতে আবদ্ধ হৈ থাকে।


ইঞ্জিন ষ্টাৰ্ট কৰি ভাগৰি পৰিল নাবিক তথা চালক। পাৰঘাটৰ পৰা জাহাজ মুকলিৰ লগে লগে এইদৰে ইঞ্জিন বিকল হৈ পৰাত আতংকই বিৰাজ কৰে যাত্ৰীৰ মাজত।  মিজগাঁও ঘাটত আজি সংলগ্ন কৰা ৰোপেক্স জাহাজেৰে মাজগাঁও ঘাটলৈ অনা হ'ল যাত্ৰীসকলক। জাহাজৰ  এই ভেঁকোভাওনাক লৈ জাহাজৰ যাত্ৰীয়ে উত্তাল পৰিৱেশ সৃষ্টি কৰে। উন্নত ফেৰী সেৱাৰ দাবী জনায় জল পৰিবহণ তথা কামৰূপ আৰু মহানগৰ উভয় প্ৰশাসনক ।


উল্লেখ্য যে কামৰূপ আৰু মহানগৰ উভয় প্ৰশাসনৰ আওতাত থকাৰ পিছতো প্ৰতিদিনে জলযাত্ৰীৰ বিলৈ দেখিও প্ৰশাসনৰ নীৰৱতা দেখি ৰাইজ ক্ষোভিত হৈছে। উল্লেখ্য যে সোমবাৰে সন্ধিয়া ফাঁচী বজাৰ ঘাটত জাহাজৰ এটা ইঞ্জিন বিকল হোৱাত ঘাটৰ পৰা জাহাজ উটি গৈছিল যদিও ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিছিল দুই শতাধিক যাত্ৰী। ভূতনাথ পোৱাৰ পিছত এম ভি  পুঠিমাৰী জাহাজেৰে উদ্ধাৰ কৰা হৈছিল সমূহ যাত্ৰীক।


জাহাজৰ এই সঘন গণ্ডগোলে এতিয়া যাত্ৰীৰ মনত সন্দেহৰ আতংক।  অত্যাধুনিক ফেৰী সেৱাক লৈ দীৰ্ঘদিনে চলাই অহা অপপ্ৰচাৰ আৰু ৰাজকোষৰ ধন উদং কৰি জনতাক আঁভুৱা–ভাৰা বুলি অভিযোগ তুলি যাত্ৰীয়ে গৰিহণা দিয়ে প্ৰশাসনক।

Published by:Gautam Barman
First published: