ব্ৰহ্মপুত্ৰত আবদ্ধ যাত্ৰীবাহী ফেৰী। নিমাতীৰ পৰা চাৰি বজাত কমলাবাৰী ঘাটলৈ আহি থকা এম ভি লোহিত নামৰ ফেৰীখন হঠাতে আবদ্ধ হৈ পৰে নৈৰ মাজত। লগে লগে ঘটনাক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে। খবৰ পোৱাৰ লগে লগে অন্য এখন ফেৰীৰে যাত্ৰীসকলক উদ্ধাৰৰ বাবে ৰাওনা হয় এটা উদ্ধাৰকাৰী দল।
ইয়াৰ লগে লগে SDRFৰ তিনিখন ফেৰীয়ে যাত্ৰীসকলক উদ্ধাৰৰ প্ৰচেষ্টা চলায়। প্ৰায় ৪ ঘণ্টাৰ ভিতৰত ছাত্র-ছাত্ৰী, শিশুসহ মুঠ ৬০গৰাকী লোকক উদ্ধাৰ কৰা হয়। ফেৰীৰ পৰা ১০৮ সেৱাই দুগৰাকী ৰোগীকো উদ্ধাৰ কৰে। ফেৰীত আবদ্ধ যাত্ৰীসকল নিৰাপদে কমলাবাৰী ঘাটত উপস্থিত হয়।
সকলো যাত্ৰীকে মাজুলী জিলা প্ৰশাসনৰ লগতে SDRFএ সুকলমে উদ্ধাৰ কৰে। উল্লেখ্য, যাত্ৰীসকলৰ পৰিয়ালবৰ্গৰ মাজত এই সময়খিনিত শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ উদ্ভৱ হয়। শেষত কথমপি পাৰলৈ আহি পোৱাত সকলোৱে স্বস্তিৰ নিশ্বাস পেলায়।
Published by: Gautam Barman
FIRST PUBLISHED : September 28, 2022, 02:59 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।