ছয়গাঁৱত নৃত্যশিল্পীৰ দলক নিৰ্যাতন, আটক দুজন

ছয়গাঁৱৰ আচলপাৰাত ঈদ উপলক্ষে হোৱা এক সাংস্কৃতিক অনুষ্ঠানত মহিলা শিল্পীৰ ওপৰত অত্যাচাৰ চলাইছিল একাংশ লোকে। মহিলা শিল্পীসকলক নগ্ন নৃত্য প্ৰদৰ্শন কৰিবলৈ ধমকি দিছিল একাংশই।

news18assam
Updated:June 9, 2019, 10:48 AM IST
ছয়গাঁৱত নৃত্যশিল্পীৰ দলক নিৰ্যাতন, আটক দুজন
ছয়গাঁৱৰ আচলপাৰাত ঈদ উপলক্ষে হোৱা এক সাংস্কৃতিক অনুষ্ঠানত মহিলা শিল্পীৰ ওপৰত অত্যাচাৰ চলাইছিল একাংশ লোকে। মহিলা শিল্পীসকলক নগ্ন নৃত্য প্ৰদৰ্শন কৰিবলৈ ধমকি দিছিল একাংশই।
news18assam
Updated: June 9, 2019, 10:48 AM IST
ছয়গাঁৱত নৃত্যশিল্পীৰ দলক নিৰ্যাতন চলোৱাৰ অভিযোগত ছয়গাঁৱৰ আচলপাৰাৰ পৰা আটক দুজনক। ধৃতদ্বয় চুভাহান খান আৰু চাহাৰুল খান। জালত পৰিবলৈ বাকী আন কেইবাজনো।ছয়গাঁৱৰ আচলপাৰাত ঈদ উপলক্ষে হোৱা এক সাংস্কৃতিক অনুষ্ঠানত মহিলা শিল্পীৰ ওপৰত অত্যাচাৰ চলাইছিল একাংশ লোকে। মহিলা শিল্পীসকলক নগ্ন নৃত্য প্ৰদৰ্শন কৰিবলৈ ধমকি দিছিল একাংশই। নগ্ন নৃত্য নকৰিলে শিল্পীৰ দলটোক হত্যা কৰাৰ ভাবুকিও প্ৰদান কৰিছিল। উত্তেজিত শ শ দৰ্শকৰ মাজত অসহায় হৈ পৰিছিল দলটো। ঘটনাস্থলীৰ পৰা পুৱতি নিশা কোনোমতে দৌৰি দৌৰি পলায়ন কৰি বকো থানাত আশ্ৰয় লৈছিল শিল্পীৰ দলটোৱে। ঘটনাস্থলীত জোৰশিমলু আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি