২ মে'ত ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। কিন্তু নিৰ্বাচনী ফলাফলৰ পূৰ্বেই এতিয়া হৰ্ছ ট্ৰেডিঙৰ ভয়ে খেদি ফুৰিছে কংগ্ৰেছৰ নেতৃত্বক। গতিকে নিৰ্বাচনী ফলাফল যিয়েই নহওক, দলীয় প্ৰাৰ্থীসকলক যাতে কোনেও প্ৰলোভিত কৰিব নোৱাৰে, তাৰ বাবে তত্পৰ হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব।
আজিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা ৯৩গৰাকী কংগ্ৰেছ প্ৰাৰ্থীৰ নতুন ঠিকনা হ'ব সোণাপুৰস্থিত দিচাং ৰিজৰ্ট। আৰু এই ৰিজৰ্টতে নিৰ্ধাৰণ কৰিব দলটোৰ পৰৱৰ্তী ৰণকৌশল। আগন্তুক প্ৰায় চাৰি পাঁচদিন ৰিজৰ্টখনতে কংগ্ৰেছৰ প্ৰাৰ্থীসকলক ৰখোৱাৰ সম্ভাৱনা। বুধবাৰে নিশাই দিচাং ৰিজৰ্টত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা।
ইফালে কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ বাবে ৰিজৰ্টখনৰ ৭০টা কোঠা বুকিং কৰা হৈছে বুলি জানিব পৰা হৈছে। অন্য কোনো লোকক লগ ধৰিব নোৱাৰিব কংগ্ৰেছৰ প্ৰাৰ্থীসকলে। আনকি প্ৰাৰ্থীসকলক খাদ্যৰ লগতে অন্যান্য সুবিধা প্ৰদান কৰিবলৈ কংগ্ৰেছে নিজৰ ফালৰ পৰাই কৰ্মচাৰী নিয়োগ কৰিছে বুলিও খবৰ ওলাইছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|