হৰ্ছ ট্ৰেডিঙৰ ভয়! 'কংগ্ৰেছৰ পৰা আহিব পাৰে অ'ফাৰ'-কোন AIUDFৰ প্ৰাৰ্থীৰ এই বিস্ফোৰক মন্তব্য  

News18 Assam | News18-Assam
Updated:April 18, 2021, 10:27 AM IST
হৰ্ছ ট্ৰেডিঙৰ ভয়! 'কংগ্ৰেছৰ পৰা আহিব পাৰে অ'ফাৰ'-কোন AIUDFৰ প্ৰাৰ্থীৰ এই বিস্ফোৰক মন্তব্য  
বিৰোধীৰ বিলাসী হোটেলৰ ৰাজনীতি চলি থকাৰ সময়তে News18ৰ সন্মুখত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে ৪১ নং ভৱানীপুৰ সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰে।

বিৰোধীৰ বিলাসী হোটেলৰ ৰাজনীতি চলি থকাৰ সময়তে News18ৰ সন্মুখত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে ৪১ নং ভৱানীপুৰ সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰে।

  • Share this:
ৰাজ্যৰ ৰাজনীতিত হৰ্ছ ট্ৰেডিঙকলৈ বলিছে উষ্ণ বতাহ। বিৰোধী মহাজোঁটৰ প্ৰাৰ্থী সকলে এঠাইৰ পৰা আন ঠাইলৈ গৈ হৰ্ছ ট্ৰেডিঙৰ পৰা বাচিব বিচাৰিছে। কংগ্ৰেছ আৰু এআইইউডিএফৰ বহু কেইগৰাকী প্ৰাৰ্থীয়ে ৰাজস্থানত ছদিন থাকি অহাৰ দৰেই কংগ্ৰেছ আৰু বিপিএফৰ বহু কেইগৰাকী প্ৰাৰ্থী গৈছে ছট্টিশড়ৰলৈ।

বিৰোধীৰ বিলাসী হোটেলৰ ৰাজনীতি চলি থকাৰ সময়তে News18ৰ সন্মুখত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে ৪১ নং ভৱানীপুৰ সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰে।

"মোলৈ কংগ্ৰেছ দলৰ অ'ফাৰ আহিব পাৰে, কিন্তু বিজেপিৰ পৰা নাহে, বিজেপি মই বেয়া পাও"।- এই মন্তব্য কৰে ফনীধৰ তালুকদাৰে। ইফালে অসম আন্দোলনৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰকলৈ অসম গণ পৰিষদ আৰু বিজেপিয়ে কুটিল ৰাজনীতি কৰাৰ অভিযোগ তোলে এআইইউডিএফৰহৈ অসম বিধানসভা নিৰ্বাচনত অৱৰ্তীণ হোৱা ফনীধৰ তালুকদাৰে।

নিজৰ জয় নিশ্চিত বুলি দাবী কৰা ফনীধৰ তালুকদাৰে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ নামত বহুত কাম কৰিব বুলি নিউজ১৮ক জনায়। আনহাতে মহাজোঁটৰ অংশীদাৰ হৈও AIUDFৰ প্ৰাৰ্থীগৰাকীয়ে কংগ্ৰেছক লৈ কৰা শংকাই বিশেষ তাৎপৰ্যবহন কৰিছে।
Published by: Himangshu Bhuyan
First published: April 18, 2021, 10:22 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি