নগাওঁত বিদ্যালয়ত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেধাৱী দিগন্তৰ নিথৰ দেহ, পিতৃয়ে ক’লে আত্মহত্যা নহয়...

News18 Assam | News18-Assam
Updated:February 20, 2020, 12:45 PM IST
নগাওঁত বিদ্যালয়ত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেধাৱী দিগন্তৰ নিথৰ দেহ, পিতৃয়ে ক’লে আত্মহত্যা নহয়...
মেধাৱী ছাত্ৰৰ ৰহস্যজনক মৃত্যুৰ সুবিচাৰৰ দাবীত অৱৰোধ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ।

মেধাৱী ছাত্ৰৰ ৰহস্যজনক মৃত্যুৰ সুবিচাৰৰ দাবীত অৱৰোধ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ।

  • News18 Assam
  • Last Updated: February 20, 2020, 12:45 PM IST
  • Share this:
মোৰ পুত্ৰই আত্মহত্যা কৰা নাই। বিদ্যালয় কৰ্তৃপক্ষৰ প্ৰতি মোৰ সন্দেহ আছে। মোৰ পুত্ৰৰ হত্যাৰ উচিত বিচাৰ লাগে- এইদৰে কেমেৰাৰ ওচৰত উচুপি উঠিল নগাওঁৰ নৱৰূপ জাতীয় বিদ্যাপীঠত ৰহস্যজনক ভাৱে মৃত্যুক সাৱতি লোৱা মেধাৱী ছাত্ৰ দিগন্ত বৰাৰ দুৰ্ভগীয়া পিতৃ দুলাল বৰাই। উল্লেখযোগ্য যে আজি দিনৰ প্ৰায় ১ বজাত পাঠদান চলি থকা অৱস্থাতে বিদ্যালয়খনৰ দশম মান শ্ৰেণীৰ ছাত্ৰ দিগন্ত বৰাৰ নিথৰ দেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল। নৱৰূপ জাতীয় বিদ্যাপীঠত সংঘটিত এই ঘটনাৰ পিছতে স্থানীয় ৰাইজে ঘটনাটোৰ উচিত তদন্ত দাবী কৰিছিল। কি পৰিস্থিতিত পৰি ছাত্ৰজন এনেকৈ হেৰাই গ’ল তাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও পৰিয়ালৰ মতে দিগন্তক মৃত্যুৰ পূৰ্বে শাৰীৰিক শাস্তি দিয়া হৈছিল। মেধাৱী ছাত্ৰজনৰ মৃত্যুৰ উচিত বিচাৰৰ দাবীত উৰিয়াগাঁৱৰ ৰাইজে অৱৰোধ কৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ।

টায়াৰ জ্বলাই প্ৰতিবাদ ৰাইজৰ।
Published by: Tulika Devi
First published: February 15, 2020, 8:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি