• Home
  • »
  • News
  • »
  • assam
  • »
  • টকাৰ অভাৱত পুত্ৰক হাফপেণ্ট ক্ৰয় কৰি দিব নোৱাৰৰ বাবেই হোজাইত এগৰাকী পিতৃয়ে ত্যাগ কৰিলে নিজৰ জীৱন

টকাৰ অভাৱত পুত্ৰক হাফপেণ্ট ক্ৰয় কৰি দিব নোৱাৰৰ বাবেই হোজাইত এগৰাকী পিতৃয়ে ত্যাগ কৰিলে নিজৰ জীৱন

 লকডাউনৰ ফলত আৰ্থিক সংকটত পৰিছিল পিতৃ। ডবকাত কনমানি পুত্ৰক হাফপেন্ট ক্ৰয় কৰি দিব নোৱাৰাৰ বাবেই ত্যাগ কৰিলে নিজৰ জীৱন।

 লকডাউনৰ ফলত আৰ্থিক সংকটত পৰিছিল পিতৃ। ডবকাত কনমানি পুত্ৰক হাফপেন্ট ক্ৰয় কৰি দিব নোৱাৰাৰ বাবেই ত্যাগ কৰিলে নিজৰ জীৱন।

 লকডাউনৰ ফলত আৰ্থিক সংকটত পৰিছিল পিতৃ। ডবকাত কনমানি পুত্ৰক হাফপেন্ট ক্ৰয় কৰি দিব নোৱাৰাৰ বাবেই ত্যাগ কৰিলে নিজৰ জীৱন।

  • Share this:
ল’ক ডাউনৰ ফলত চৰম আৰ্থিক সংকটত পৰা এগৰাকী ব্যক্তিয়ে বাচি ল’লে চৰম পন্থা। পুত্ৰই খোজিছিল এটা হাফপেণ্ট। কিন্তু টকাৰ অভাৱত পুত্ৰক হাফফেণ্টটো ক্ৰয় কৰি দিব নোৱাৰাৰ বাবেই পিতৃয়ে ত্যাগ কৰিলে নিজৰ জীৱন। হোজাই জিলাত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

উল্লেখযোগ্য যে, কিছুদিনৰ পৰা কনমানি পুত্ৰই পিতৃ মতিলাল পালৰ পৰা বিছাৰিছিল এটি হাফপেন্ট। পত্নী দিপালী পালেও পুত্ৰৰ হাফপেণ্ট দিয়াৰ বাবে হেঁচা দিছিল স্বামীক।লকডাউনৰ ফলত আৰ্থিক সংকটত ভুগিছিল স্বামী মতিলাল পাল। ডবকা বজাৰৰ ফুটপাতত ক্ষুদ্ৰ কাপোৰৰ দোকান দি পৰিয়াল পোহপাল দিয়া মতিলাল পাল ল’ক ডাউনৰ ফলত চৰম আৰ্থিক সংকটৰ সন্মুখীন হৈছিল।

তাৰ মাজতেই শণিবাৰে পৰিয়ালটোৰ মাজত এটি হাফপেণ্টৰ বাবেই সৃষ্টি হয় কাজিয়াৰ। কাজিয়াৰ ফলত মতিলালে মাৰপিট কৰে পত্নী দিপালী আৰু কনমানি পুত্ৰক। তাৰ পিছতেই সন্ধিয়াৰ ভাগত পত্নী দিপালী পালে ডবকা আৰক্ষী থানাত স্বামীৰ বিৰুদ্ধে শাৰীৰিক অত্যাচৰ কৰাৰ অভিযোগত দাখিল কৰে এজাহাৰ।

কিন্তু পিছত বুজাবুজিলৈ আহি পত্নী দিপালীয়ে স্বামীৰ বিৰুদ্ধে দিয়া এজাহাৰ উঠাই ল’বলৈ থানালৈ যাওতেই চৰম পন্থা বাছি লয় স্বামী মতিলালে।স্থানীয় আত্মীয়ৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই মৰ্মান্তিক ঘটনাই ডবকাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি