• Home
  • »
  • News
  • »
  • assam
  • »
  • Father Sells Newborn: জন্মৰ পিছতে সন্তানৰ মৃত্যু হোৱা বুলি মাতৃক মিছা মাতি পিতৃয়ে বিক্ৰী কৰিলে নৱজাতক, পুৰোহিতসহ ৩ গ্ৰেপ্তাৰ

Father Sells Newborn: জন্মৰ পিছতে সন্তানৰ মৃত্যু হোৱা বুলি মাতৃক মিছা মাতি পিতৃয়ে বিক্ৰী কৰিলে নৱজাতক, পুৰোহিতসহ ৩ গ্ৰেপ্তাৰ

 কন্যা সন্তানটি জন্ম হৈছিল যোৱা ১১ আগষ্টত গহপুৰ অসামৰিক চিকিৎসালয়ত।

কন্যা সন্তানটি জন্ম হৈছিল যোৱা ১১ আগষ্টত গহপুৰ অসামৰিক চিকিৎসালয়ত।

কন্যা সন্তানটি জন্ম হৈছিল যোৱা ১১ আগষ্টত গহপুৰ অসামৰিক চিকিৎসালয়ত।

  • Share this:
গহপুৰত নৱজাতক বিক্ৰী কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এই কাৰ্য সংঘটিত কৰে খোদ পাষাণ পিতৃয়ে। লখিমপুৰৰ জয়হিন্দ ৰাম মন্দিৰৰ পুৰোহিতৰ হাতত বিক্ৰী কৰে নিজ সদ্যোজাত কন্যা সন্তানক।

উল্লেখ্য যে কন্যা সন্তানটি জন্ম হৈছিল যোৱা ১১ আগষ্টত গহপুৰ অসামৰিক চিকিৎসালয়ত।কিন্তু ৰহস্যজনকভাবে সন্তানটিৰ মৃত্যু হোৱা বুলি পিতৃ তথা স্বামী সুৰেন গড়ে পত্নী লাকী গড়ক কৈ ঘৰলৈ বুলি গুচি যায়। কাহিনী ইমানতে শেষ হ'লহেঁতেন যদিও সুৰেন গড়ৰ পিতৃ গহপুৰ মাগনি কছাৰী গাঁৱৰ ভীমলাল গড়ে ১৮ আগষ্ট অৰ্থাৎ কালি সন্ধিয়া গহপুৰ থানাত দিয়া এখন এজাহাৰে ঘটনাৰ দৃশ্যপট সলনি কৰি দিয়ে (Father sells newborn girl)।

নিজ পুত্ৰ সুৰেন আৰু টোপনি গড় নামৰ এগৰাকী মহিলাৰ ওপৰত সন্দেহ ওপজাত এজাহাৰখন দিছিল গহপুৰ থানাত ভীমলাল গড়ে। আৰক্ষীয়ে তৎকালীনভাৱে চলোৱা তদন্ত কালত লখিমপুৰৰ পুৰোহিত কৃষ্ণ প্ৰসাদ উপাধ্যায় নামৰ লোকজনক বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহে।

লগে লগে আৰক্ষীয়ে কন্যা সন্তানটি লখিমপুৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।আৰক্ষীয়ে ইতিমধ্যে কন্যা সন্তান বিক্ৰী আৰু কিনাৰ অপৰাধত সুৰেন গড়, টোপনি গড় আৰু কৃষ্ণ প্ৰসাদ উপাধ্যায়ক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ তদন্তত প্ৰকাশ যে কন্যা সন্তানটি পিতৃ সুৰেন গড়ে টকাৰ কাৰণে বিক্ৰী কৰিছিল। আচৰিত কথা এই যে মাত্ৰ দুহেজাৰ টকা লৈ সন্তানটি বিক্ৰী কৰিছিল পিতৃয়ে ।
Published by:Gautam Barman
First published: