বৃহস্পতিবাৰে নাজিৰাত সংঘটিত হৈছে জঘন্য কাণ্ড। নাজিৰাৰ বিহুবৰ কমল চাপৰিত নিজ পিতৃয়ে বলাত্কাৰ কৰিলে এগৰাকী কণমানিক।লম্পট পিতৃক উত্তম-মধ্যম দিলে স্থানীয় ৰাইজে।চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত নিজৰ ছোৱালীজনীও সাৰি নগ’ল পাষাণ পিতৃৰ অসৎ চৰিতাৰ্থ পৰা। পিছত স্থানীয় ৰাইজে উত্তমাধ্যম দি আৰক্ষীক গতাই দিয়ে পিতৃ ৰূপী লম্পটোক।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে লম্পটোক। সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা লম্পটোৰ নাম ৰাজু বসুমতাৰী।
Published by: Dulu Medhi
FIRST PUBLISHED : June 06, 2019, 22:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।