• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃ দেৱকান্ত মহন্তৰ দেহাৱসান

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃ দেৱকান্ত মহন্তৰ দেহাৱসান

কলিয়াবৰৰ উলুৱনী গাঁৱৰ বাসগৃহত নিশাই উপস্থিত হৈ প্ৰয়াত দেৱকান্ত মহন্তক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

  • Share this:
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃ দেৱকান্ত মহন্তৰ দেহাৱসান। দেওবাৰে নিশা প্ৰায় ৯.৪০ বজাত কলিয়াবৰৰ উলুৱনি গাঁৱৰ নিজা বাসগৃহত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় দেৱকান্ত মহন্তৰ৷

১৯৩০ চনৰ ৩০ মাৰ্চত শ্ৰীশ্ৰী ৰূপনাৰায়ণ খামুচীয়া সত্ৰত জন্মগ্ৰহণ কৰা দেৱকান্ত মহন্তৰ ৯২ বছৰ বয়সত দেহাৱসান ঘটে৷ ৰূপনাৰায়ণ খামুচীয়া সত্ৰৰ সত্ৰাধিকাৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক দেৱকান্ত মহন্তই মৃত্যুৰ সময়ত ইহ সংসাৰত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, চাহ খেতিয়ক তথা উদ্যোগী দিলীপ মহন্ত আৰু অধ্যাপক বিপুল মহন্তসহ এগৰাকী কন্যা সন্তান ইহ সংসাৰত এৰি থৈ যায়৷

কলিয়াবৰৰ উলুৱনী গাঁৱৰ বাসগৃহত নিশাই উপস্থিত হৈ প্ৰয়াত দেৱকান্ত মহন্তক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

প্ৰাক্তন শিক্ষক দেৱকান্ত মহন্তৰ বিয়োগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন উদ্যোগ মন্ত্ৰী গুণীন হাজৰিকা, কলিয়াবৰ প্ৰেছ ক্লাব, অসম গণ পৰিষদ কলিয়াবৰ জিলা সমিতি, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতি প্ৰমুখ্যে বিভিন্ন অনুষ্ঠান, দল–সংগঠনে শোক প্ৰকাশ কৰিছে৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি