টীয়কৰ বৰখেলীয়া গাঁৱত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত বৰখেলীয়া গাঁৱত পাষাণ পিতৃয়ে নিজ সন্তানক হত্যা কৰি পুতি থৈছিল শৌচালয়ত। সমগ্ৰ ঘটনাটোত হত্যাকাৰী পিতৃক সহায় কৰিছিল তৃতীয় পত্নীয়ে।
ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা ৩১ অক্টোবৰত লাহদৈগড় বৰখেলীয়া গাঁৱৰ ফণীধৰ বৰাৰ পুত্ৰ কাকু বৰাই দিপাৱলীলৈ বুলি বিচাৰিছিল ধন। তাতেই খৰ্গহস্ত হৈ পিতৃয়ে ঘৰৰ ভিতৰতে বাঁহেৰে মূৰত আঘাত কৰি হত্যা কৰে পুত্ৰক। তাৰ পিছত ঘৰৰ সন্মুখৰ বাহনীৰ এটা পৰিত্যক্ত শৌচালয়ত নিশাই পুতি থয়। কেইবাদিনো কাকু বৰা নিৰুদিষ্ট হৈ থকাত সন্দেহ উপজে ভিনিহিয়েকৰ। অৱশেষত যোৱানিশা ভিনিহিয়েকে লাহদৈগড় আৰক্ষীক অৱগত কৰাত নিশাই ঘটনাস্থলীত উপস্থিত হৈ নিশ্চিত কৰে হত্যাকাণ্ড। আজি পুৱা দণ্ডাধীশৰ উপস্থিতিত শৌচালয়ৰ পৰা উদ্ধাৰ কৰে মৃতদেহ।
মৃতদেহৰ মূৰত আঘাতৰ চিন স্পষ্ট হৈ আছে। ইপিনে নিশাই আৰক্ষীয়ে আটক কৰা পিতৃ ফণীধৰ বৰাৰ লগতে তৃতীয় পত্নীয়ে ঘটনা সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে। উল্লেখ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী ফণীধৰ বৰাই তিনিগৰাকী বিয়া কৰাইছিল। প্ৰথম আৰু দ্বিতীয় পত্নীৰ মৃত্যু হোৱাত পুনৰ বিবাহ কৰিছিল তৃতীয়গৰাকীক। হত্যাৰ বলি হোৱা কাকু বৰা বৰা আছিল দ্বিতীয়গৰাকীৰ পুত্ৰ। এইগৰাকী হত্যাকাৰী পিতৃৰ আন এজন পুত্ৰ ৰিতু বৰা বৰা কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত অৱস্থাৰে পৰাই নিৰুদিষ্ট হৈ আছে।
ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে তদন্ত অধিক ক্ষীপ্ৰতৰ কৰিছে। ইপিনে স্থানীয় একাংশ লোকৰ পৰা জানিব পৰা মতে ফণীধৰ বৰাৰ গৃহত দীৰ্ঘদিনৰ পৰাই জুৱা আৰু সুৰাৰ আড্ডা চলি আহিছিল। তেনে সমাজবিৰোধী কৰ্মৰ প্ৰতিবাদ কৰাৰ বাবে পূৰ্বেও পিতৃৰ আক্ৰমণৰ বলি হৈছিল হত্যাৰ বলি হোৱা কাকু বৰা। আনকি কাকু বৰা দীৰ্ঘদিন পিতৃ আৰু মাহীমাকৰ অত্যাচাৰত জ্যেষ্ঠ ভগ্নীৰ ঘৰত আশ্ৰয় লৈ আছিল বুলিও ভিনিহিয়েকে ব্যক্ত কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|