
পাৰিবাৰিক কন্দলৰ পৰিণতিত পিতৃ মনমোহন মজুমদাৰে অতি নৃশংসভাৱে পুত্ৰ ব্ৰজেন মজুমদাৰক বাঁহেৰে হানি–খুচি কৰে হত্যা।
পাৰিবাৰিক কন্দলৰ পৰিণতিত পিতৃ মনমোহন মজুমদাৰে অতি নৃশংসভাৱে পুত্ৰ ব্ৰজেন মজুমদাৰক বাঁহেৰে হানি–খুচি কৰে হত্যা।
হোজাইত নৃশংস হত্যাকাণ্ড। বাঁহেৰে হানি–খুচি পুত্ৰক হত্যা পিতৃৰ। হোজাই থানাৰ অন্তৰ্গত যোগীজান পহৰা চকীৰ অধীনস্থ হাতীমূৰা গাঁৱত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড।পাৰিবাৰিক কন্দলৰ পৰিণতিত পিতৃ মনমোহন মজুমদাৰে অতি নৃশংসভাৱে পুত্ৰ ব্ৰজেন মজুমদাৰক বাঁহেৰে হানি–খুচি কৰে হত্যা।
ইতিমধ্যে আৰক্ষীৰ জালত পৰা পুত্ৰ হত্যাকাৰী পিতৃ মনমোহন মজুমদাৰে পুত্ৰক হত্যা কৰা বুলি স্বীকাৰ কৰিছে। আৰক্ষীয়ে লোকজনক হোজাই থানাত ৰাখি জেৰা চলাই থকাৰ লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে নগাঁৱলৈ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|