নুমলীগড়ৰ ৪ নং ৰংবঙত পিতৃ দিৱসৰ দিনাই নিজ পিতৃয়ে ডিঙি চেপি হত্যা কৰিলে ৩ বছৰীয়া কন্যা শিশুক ৷ মাতৃ ঘৰত নথকাৰ সুয়োগ লৈ পিতৃয়ে সংঘটিত কৰিলে এই নৃশংস কাণ্ড।
উল্লেখযোগ্য যে, শণিবাৰে নিশা দুটি সন্তানসহ অচিন্ত্য ৰাজোৱাৰৰ পত্নী পিংকী আছিল সমীপৰে মাতৃৰ ঘৰত ৷ নিশা অচিন্ত্য সহুৰৰ ঘৰত উপস্থিত হৈ ৩ বছৰীয়া কন্যা সৰুমাইক মদৰ নিচাত মাতাল হৈ ডিঙি চেপি হত্যা কৰে ৷ দেওবাৰে দিনৰ ভাগত পোহৰলৈ আহে এই লোমহৰ্ষক ঘটনা ৷ ইতিমধ্যে নুমলীগড় আৰক্ষীয়ে হত্যাকাৰী পিতৃ অচিন্ত্যক গ্ৰেপ্তাৰ কৰাৰ লগতে মৃত কনমানি শিশুটিক মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।এই ঘটনাই সমগ্ৰ নুমলীগড়তে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷