কৰিমগঞ্জত মৰণোত্তৰ পৰীক্ষাৰ বাবে কবৰৰ পৰা আৰক্ষীয়ে খান্দি উলিয়ালে নমহীয়া এটা শিশুৰ মৃতদেহ। স্বামীয়ে নিজ সন্তানক হত্যা কৰা বুলি অভিযোগ দাখিল কৰিছিল পত্নীয়ে। সেই অভিযোগৰ ভিত্তিত মৰণোত্তৰ পৰীক্ষাৰ বাবে কবৰ খান্দি আৰক্ষীয়ে উদ্ধাৰ কৰিলে শিশুটিৰ মৃতদেহ। কৰিমগঞ্জৰ কালিগঞ্জত সংঘটিত হৈছে এই ঘটনা।
কন্যা সন্তান হিচাপে জন্ম লোৱাটোৱেই অপৰাধ আছিল কণমানিটিৰ। যাৰ বাবে পিতৃয়ে ৯ মহীয়া সন্তানক হত্যা কৰাৰ অভিযোগ মাতৃৰ। পত্নীৰ অভিযোগ, নিজ কন্যা সন্তানক হত্যা কৰি কবৰ দিছিল পাষাণ পিতৃ উছমান আলীয়ে।
পত্নী ছালমা বেগমে ৰুজু কৰা গোচৰৰ ভিত্তিত বুধবাৰ বিয়লি ভাগত কবৰৰ পৰা মৃতদেহ খান্দি উলিয়ালে আৰক্ষীয়ে। মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে, অভিযুক্ত উছমান আলী বৰ্তমানো পলাতক।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 03, 2020, 18:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।